My Expectation Home | Profile | Archives | Friends
It's my feeling, my realization and my expectation of my life. I think self realization is a good medicine of a best social life...!

Silver Jubilee SOUVENIR of Commerce College, Kokrajhar_1st PartNovember 11, 2010

Published in Silver Jubilee SOUVENIR of Commerce College, Kokrajhar on 25th and 26th October 2010.
http://www.commercekok.com/

ছাইবাৰজগতত অসমীয়া ভাষাৰ প্ৰয়োগ
আৰু ইয়াৰ প্ৰয়োজনীয়তা


  
            সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহক বহুতো কথাই নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে৷ গোলকীকৰণৰ ফলত মানুহে আজি বিশ্বৰ বিভিন্ন প্ৰান্তত থাকি জীৱিকা নিৰ্বাহ কৰিছে৷ বছৰ বছৰ ধৰি এখন নতুন সমাজত বাস কৰাৰ ফলত তেওঁলোকে নিজৰ ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ লগতে জাতিটোৰ বহুতো আপুৰুগীয়া সম্ভাৰক পাহৰি যাবলৈ বাধ্য হৈছে৷ সেয়ে এতিয়া বিশ্বব্যাপী থকা শিপাহীন এই নতুন অসমীয়া সম্প্ৰদায়ক নিজ নিজ কৰ্মস্থানতে আপোন ভাষা-সংস্কৃতিক শ্ৰদ্ধাৰে স্মৰণ কৰাবলৈ আমাক প্ৰয়োজন হৈছে এখন নতুন ‘ই-সমাজ’৷ যাক কেৱল সম্ভৱ কৰি তুলিব পাৰিব কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ নতুন নতুন উদ্ভাৱনি শক্তি আৰু ইয়াৰ ব্যৱহাৰে৷ ইংৰাজী Cyber শব্দটোৱে ইণ্টাৰনেটৰ মাধ্যমেৰে কম্পিউটাৰ ব্যৱহাৰ কৰা বিষয়টোকে সূচায়৷ ছাইবাৰ বিপ্লৱৰ জৰিয়তেই আমি আমাৰ ভাষা-সাহিত্য, কলা-সংস্কৃতিক বিশ্বৰ বিভিন্ন প্ৰান্তলৈ কঢ়িযাই লৈ যাব পাৰিম৷ সম্প্ৰতি বিভিন্ন ‘ছ’চিয়েল নেটৱৰ্কিং ছাইট’  অৰ্কুট,  ফেছবুক,  টুইটাৰ আদিৰ মাধ্যমেৰেও এচাম অসমীয়া ব্যক্তিয়ে বিভিন্ন অসমীয়া সমল,  বা-বাতৰি আদি পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা ব্যক্তিৰ লগত আদান-প্ৰদান কৰিছে৷ এয়া এক শুভ লক্ষণ৷ বৰ্তমান ইংৰাজী ভাষাৰ মাধ্যমেৰে বিভিন্ন ৱেবচাইটত অসম সম্পৰ্কে নানান তথ্য বিচাৰি পোৱা যায়৷ অসমক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিবলৈ ইংৰাজী ভাষাৰ মাধ্যমেৰে প্ৰচাৰ কৰা এনে তথ্যসমূহৰ গুৰুত্বতা অনস্বীকাৰ্য৷ কিন্তু ইয়াৰ লগে লগে যেন নিজৰ ভাষাৰ প্ৰতি থাকিব লগা আমাৰ দায়বদ্ধতা সীমিত হৈ পৰিছে৷ আমি কম্পিউটাৰ আৰু ইণ্টাৰনেটে কঢ়িয়াই অনা বিভিন্ন সুবিধাক যেন অসমীয়া ভাষা প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব পৰা নাই৷ এই ক্ষেত্ৰত অসমৰ প্ৰতিজন সচেতন শিক্ষিত ব্যক্তিৰ দায়িত্ব আৰু সংবাদ-পত্ৰসমূহৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ৷
             সাম্প্ৰতিক সময়ত ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰচাৰ পৰ্যাপ্ত নোহোৱাৰ মূলতে হৈছে উপযুক্ত ব্যৱহাৰকাৰীৰ (user) অভাৱ৷ ইয়াৰোপৰি আমাৰ বিভিন্ন স্কুল-কলেজসমূহত বাস্তৱ সময়ৰ লগত খাপ খাব পৰাকৈ উন্নত তথ্য-প্ৰযুক্তিৰ সুবিধা দেখা পোৱা নাযায়৷ যাৰ ফলত বৰ্তমান বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰযুক্তিবিদ্যাৰে আৱৰি ধৰা নতুন পৃথিৱীখনৰ বিষয়ে জানিবলৈ সুবিধা পোৱা নাই৷ গতানুগতিক পাঠ্যক্ৰম আৰু পুৰণি শিক্ষা প্ৰণালীৰ প্ৰয়োগেই ইয়াৰ প্ৰধান অন্তৰায় বুলি ভাবিব পাৰি৷ চৰকাৰী বিদ্যালয়সমূহত আজিও কম্পিউটাৰ শিক্ষা সহজলভ্য হৈ উঠা নাই৷ সাম্প্ৰতিক সময়ত কম্পিউটাৰত ন-ন ছফ্‌টৱেৰৰ সংযোগেৰে আমাৰ শিক্ষা প্ৰণালীক অধিক সহজ কৰি তুলিছে৷ কিন্তু পৰ্যাপ্ত সুবিধাৰ অভাৱত আমি তাক ব্যৱহাৰ কৰিব পৰা নাই৷ বহুতে ভবাৰ দৰে কম্পিউটাৰত অসমীয়া লিখাটো এতিয়া কোনো টান কাম হৈ থকা নাই৷ আধুনিক কম্পিউটাৰৰ নতুন উদ্ভাৱনি শক্তিয়ে এতিয়া অসমীয়া লিখাটো সাধাৰণ কাগজ-কলমৰ দৰেই সহজ কৰি তুলিছে৷ উপযুক্ত অসমীয়া ভাষাৰ ছফ্‌টৱেৰ স্থাপন (Install) কৰি বা কম্পিউটাৰত সংলগ্ন হৈ থকা ইনস্ক্ৰীপ্ট কীবোৰ্ডৰ (Inscript Keyboard) দ্বাৰাও অনায়াসে এজন ব্যক্তিয়ে অসমীয়া ভাষাত লিখাৰ কলা আয়ত্ব কৰিব পাৰে৷ ইয়াৰ বাবে অতি সহজ ব্যৱস্থাটো হৈছে ইউনিক’ডত (Unicode) লিখাটো৷ কাৰণ ইউনিক’ডত পৃথিৱীৰ প্ৰতিটো ভাষাৰ বাবে এটি একক সংখ্যা নিৰ্দ্ধাৰণ কৰা থাকে৷ যাতে ইয়াক যিকোনো প্লেটফৰ্মতে, যিকোনো প্ৰ’গামতে বা যিকোনো ভাষাতে একে ধৰণে লিখিব পাৰি৷ ইয়াৰ লগতে ইউনিক’ডত লিখা যিকোনো তথ্যক বিভিন্ন ছিষ্টেমৰ পৰা কোনো ধৰণৰ সমস্যা নোহোৱাকৈ প্ৰতিলিপিও কৰিব পাৰি৷ অসমীয়া ভাষাত অনুবাদ কৰা মাইক্ৰ’ছফটৰ সকলো নতুন অ’পাৰেটিং ছিষ্টেমো ইউনিক’ডতে লিখা হৈছে আৰু এই ছিষ্টেমসমূহে অতি সহজতে ইউনিক’ডৰ অন্তৰ্গত ফ’ণ্টসমূহ সমৰ্থন কৰে৷ বৰ্তমান ইণ্টাৰনেটতে ইউনিক’ডৰ বিষয়ে বিশদভাৱে যথেষ্ঠ লেখা প্ৰকাশ কৰা আছে৷ ইউনিক’ড সমৰ্থিত কীবোৰ্ডৰে অসমীয়াত কেনেদৰে টাইপ কৰিব পাৰি সেই বিষয়ে নজনা সকলে www.keymanweb.com/go/asm/sabdalipiunicode  নামৰ ৱেবচাইটটো খুলি চাব পাৰে৷ ইয়াত অতি সহজভাৱে কীবোৰ্ডসহ অসমীয়াত লিখিব পৰাকৈ তৈয়াৰ কৰি থোৱা আছে৷ লগতে ডাউনলোড কৰিব পৰাকৈও ব্যৱস্থা ৰখা হৈছে৷
               কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সম্পৰ্ক অঙ্গাগী৷ কম্পিউটাৰে যিদৰে আমাৰ শাৰীৰিক, মানসীক কষ্টক লাঘৱ কৰি আমাৰ জীৱন ভৰাই তুলিছে একেদৰে ইণ্টাৰনেট সেৱাই গোটেই বিশ্বক এটা ক্লিকতে আমাৰ চকুৰ সন্মুখত তুলি ধৰিছে৷ ইণ্টাৰনেটৰ জৰিয়তে আমি আমাৰ মনৰ ভাব, বিভিন্ন সমল ই-মেইল, ব্ল’গ, চাট (chat) আদিৰ মাধ্যমেৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ ক্ষীপ্ৰভাৱে প্ৰেৰণ কৰিব পাৰোঁ৷ অসমত এতিয়াও ইণ্টাৰনেট সেৱা আন ৰাজ্যৰ তুলনাত সহজলভ্য আৰু দ্ৰুত গতিত আগবঢ়া নাই৷ ইণ্টাৰনেট সেৱাৰ মন্থৰ গতি, বৰ্দ্ধিত মূল্য আৰু বিদ্যুতৰ সমস্যাই ইয়াৰ মূল কাৰণ বুলিব পাৰি৷ এই খিনিতে উল্লেখ কৰা ভাল যে, ইণ্টাৰনেটৰ মাধ্যমেৰে অসমীয়া ভাষা প্ৰচাৰ কৰা বিভিন্ন ব্যক্তিৰ বেছিভাগেই অসমৰ বাহিৰত কৰ্মসূত্ৰে থকা এচাম প্ৰৱাসী অসমীয়াহে৷ যি দুই এটা ৱেবচাইটৰ জৰিয়তে অসমীয়া ভাষা প্ৰচাৰ কৰা হৈছে তাৰ সৰহ সংখ্যকৰে বুনিয়াদ ৰচিত হৈছে অসমৰ বাহিৰৰ বিভিন্ন ছফ্‌টৱেৰ কোম্পানীসমূহৰ জৰিয়তেহে৷ ইণ্টাৰনেট ব্যৱহাৰৰ বাবে যিহেতু কম্পিউটাৰৰ আৱশ্যক গতিকে কম্পিউটাৰ শিক্ষাৰ লগতে ইংৰাজী ভাষা-জ্ঞানৰো প্ৰয়োজন৷ কিন্তু বৰ্তমান ইংৰাজী ভাষা-জ্ঞানৰ সেই সীমাবদ্ধতাক অতিক্ৰম কৰিও এজন অসমীয়া ভাষী ব্যক্তিয়ে নিজৰ মাতৃভাষাতে কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰাৰ নতুন পদ্ধতিও সৃষ্টি কৰা হৈছে৷ কম্পিউটাৰ বিপ্লৱৰ অতি জনপ্ৰিয় নাম হৈছে ‘মাইক্ৰ’ছফ্‌ট কৰ্প’ৰাশ্যন’৷ মাইক্ৰ’ছফ্‌টে বৰ্তমান অসমীয়াকে ধৰি অন্যান্য ৰাষ্ট্ৰীয়ভাষাসমূহত তেওঁলোকৰ বিভিন্ন অ’পাৰেটিং ছিষ্টেমসমূহ (Operating System)  অনুবাদ কৰাৰ কাম হাতত লৈছে৷ অসমৰ বাহিৰৰ বিভিন্ন ছফ্‌টৱেৰ কোম্পানীত যোৱা পাঁচ বছৰ ধৰি বিভিন্ন অসমীয়া ব্যক্তিৰ সহায়েৰে অনুবাদ কৰি থকা এনে অ’পাৰেটিং ছিষ্টেমসমূহৰ ভিতৰত আছে Windows Vista, Windows 7, Windows Live আদি৷ (লগতে এই কথাও অনুকিয়াই থোৱা ভাল যে Nokia, Samsung আদি ম’বাইল কোম্পানীয়েও বৰ্তমান অসমীয়া ভাষাত কাম সম্পূৰ্ণ কৰিছে)৷ এই অ’পাৰেটিং ছিষ্টেমসমূহৰ অনুবাদ কাৰ্য্য ইতিমধ্যে সমাপ্ত হোৱাৰ পথত৷ সম্পূৰ্ণ নিজৰ মাতৃভাষাতে থকা এই অ’পাৰেটিং ছিষ্টেমসমূহৰ দ্বাৰা যিকোনো এজন কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে অসমীয়া ভাষাতে নিজৰ কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সুবিধা লাভ কৰিব৷ কম্পিউটাৰৰ দৰে আধুনিক সমাজৰ অতি প্ৰয়োজনীয় এটা মাধ্যমৰ ভিতৰত অসমীয়া ভাষাৰ স্থায়ী ব্যৱহাৰে সুদূৰ ভৱিষ্যতে অসমীয়া ভাষাৰ সংকটৰ সন্দেহত ভোগাসকলক কিছু সকাহ দিব পাৰিব৷ সম্প্ৰতি অনুবাদসমূহৰ মাজত বিভিন্ন কাৰিকৰী কাৰণত অনেক ভাষাগত ত্ৰুটি দেখা দিছে যদিও সুদূৰ ভৱিষ্যতে ইয়াক ব্যৱহাৰকাৰীৰ মন্তব্যৰ আধাৰত পুনৰীক্ষণৰ জৰিয়তে শুদ্ধ কৰিব পৰাৰ পথ মুকলি হৈ আছে৷
                কোনো এটা ভাষাৰ বিভিন্ন সমল প্ৰচাৰ কৰাৰ আটাইটকৈ উপযুক্ত মাধ্যম হ’ল ব্ল’গসমূহ৷ ব্ল’গ হৈছে ইণ্টাৰনেটৰ জৰিয়তে নিজৰ ভাব, চিন্তা আদি লিখিব পৰা এটা মুকলি পৃষ্ঠা৷ ব্ল’গ লিখিব পৰা ৱেবচাইটটোত পঞ্জীয়নভুক্ত যিকোনো ব্যৱহাৰকাৰীয়েই মুক্তভাৱে নিজৰ নামত মনৰ ভাব প্ৰকাশ কৰিব পাৰে৷ ইংৰাজী ভাষাত লিখিব পৰা অনেক ব্ল’গ ইণ্টাৰনেটত মজুত আছে যদিও অসমীয়া ভাষাত লিখিব পৰা এটা উল্লেখযোগ্য ব্ল’গ ৱেবচাইট হৈছে বিহু ডট ইন৷ ইয়াৰ ৱেবচাইট হৈছে www.bihu.in ৷ এই ৱেবচাইটটোৰ জৰিয়তে এজন ব্যক্তিয়ে নিজৰ নামত এটা ব্ল’গ একাউণ্ট খোলিব পাৰে আৰু সেই একাউণ্টৰ ভিতৰত নিজৰ লেখা প্ৰকাশ কৰিব পাৰে৷ বৰ্তমান কেইবাজনো ব্যক্তিয়ে ব্ল’গৰ মাধ্যমেৰে অসমীয়া ভাষাত বিভিন্ন লেখা প্ৰকাশ কৰিছে৷ আনহাতে blogspot.com নামৰ ৱেবচাইটটোৰ মাধ্যমেৰেও দুই এজন অসমীয়া ব্যক্তিয়ে অসমীয়াতে নিজৰ ব্ল’গ প্ৰকাশ কৰা দেখা গৈছে৷ এই ক্ষেত্ৰত প্ৰথম অসমীয়া ভাষাত ব্ল’গ আৰম্ভ কৰা বৰ্তমান দক্ষিণ কোৰিয়াত থকা তেজপুৰৰ প্ৰিয়ংকু শৰ্মাৰ নাম উল্লেখযোগ্য৷
           বৰ্তমান ইণ্টাৰনেটত চলি থকা এখন দ্বিভাষীক ই-আলোচনী হ’ল ‘এনাজৰী’৷ ইয়াৰ ৱেবচাইট হ’ল www.enajori.com ৷ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে লেখা পঠিয়াব পৰা এই ৱেবচাইটটোৱে অসমীয়া ভাষা সাহিত্যক বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱাত বিশেষ অৰিহণা আগবঢ়াইছে৷ সাহিত্য, সংস্কৃতি, কলা, পৰ্যটন আদি বিভিন্ন শিতানৰ লগতে অসমীয়া আধুনিক আৰু পুৰণি গীতৰো সংগ্ৰহ এই ই-আলোচনীখনৰ মাজত দেখা যায়৷ ইয়াৰ লগতে শিশু শিতান আৰোহনে শিশুৰ বৌদ্ধিক মানসীক বিকাশটো অৰিহণা যোগাইছে৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰচাৰৰ বাবে থকা আন এটা উল্লেখযোগ্য ৱেবচাইট হ’ল ৱিকিপেডিয়াৰ অন্তৰ্গত অসমীয়া গণ বিশ্বকোষ (Assamese open content Wikipedia)৷ www.as.wikipedia.org নামৰ এই ৱেবচাইটটোত সকলো ব্যৱহাৰকাৰীয়ে ইউনিক’ডত লিখাৰ লগতে নিজৰ ইচ্ছামতে সম্পাদনাও কৰিব পাৰে৷ কিন্তু অতি পৰিতাপৰ কথা যে বিশ্বকোষখন অসমীয়া ভাষী লেখকৰ (স্বেচ্ছাসেৱক) অভাৱত আগবাঢ়িব পৰা নাই৷ বৰ্তমান বিশ্বকোষখনত কেৱল অসমীয়া ভাষাৰ ২৬৪ টা প্ৰৱন্ধহে আছে৷ ইয়াৰ বিপৰীতে বাংলা ভাষাত আছে প্ৰায় ২১,৫৩২ টা প্ৰৱন্ধ৷ বাংলা ভাষাৰ কথাটো উল্লেখ কৰাৰ অৰ্থ হৈছে যি বাংলা ভাষাৰ গৰাহৰ পৰা অসমীয়া ভাষাক উদ্ধাৰ কৰিবৰ কাৰণে ‘জোনাকী’ৰ সৃষ্টিৰে এটা ভাষিক আন্দোলনৰ সৃষ্টি হৈছিল সেই জাতিয়তাবাদী আৱেগ আজি অসমীযাৰ প্ৰাণত দেখা পোৱা নাযায়৷ ইয়াৰ বিপৰীতে সাম্প্ৰতিক সময়তো বাংলা ভাষাই ইণ্টাৰনেটৰ মাধ্যমেৰেও নিজৰ ভাষিক চেতনাক জীয়াই ৰাখিছে আৰু ন-ন সমলেৰে ছাইবাৰজগতত আত্মপ্ৰকাশ কৰিছে৷
                  ইণ্টাৰনেটত প্ৰকাশ পোৱা ইংৰাজী-অসমীয়া প্ৰথম অনলাইন অভিধানখন হ’ল “শব্দ” (Xobdo)৷ ইয়াৰ ৱেবচাইটো হ’ল  www.xobdo.org ৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা ১৫০০ জনৰো অধিক সদস্যৰ অৱদানেৰে ‘শব্দ’ই বৰ্তমান ২৬৮০০ টা অসমীয়া শব্দৰ সীমা অতিক্ৰম কৰিছে৷ ‘শব্দ’ কেৱল অসমীয়া ভাষাৰে অভিধান নহয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ২৩ টা ভাষাক ইয়াত স্থান দিয়া হৈছে আৰু মূল ইংৰাজী-অসমীয়া শব্দৰ সমাৰ্থক হিচাপে আন ভাষাৰ শব্দসমূহ অন্তৰ্ভুক্ত কৰা হৈছে৷ এই ফালৰ পৰা ‘শব্দ’ এখন বহুভাষিক বৰ্ণানাত্মক অভিধান৷ ‘শব্দ’ত বৰ্তমানলৈকে ডিমাছা ভাষাৰ ২৮৮১ টা, কাৰ্বি ভাষাৰ ১৯৬১ টা, মেটেইলিন (Meeteilon) ভাষাৰ ১৩২০ টা, টাই ভাষাৰ ১০২০ টা, বড়ো ভাষাৰ ৮২৯ টা, মিচিং ভাষাৰ ৬৫৫ টা, হমাৰ ভাষাৰ ৬৩৩ টা কাৰ্বি ভাষাৰ ৪১০ টা কক-বৰক ভাষাৰ ৩০৬ টা শব্দ অন্তৰ্ভুক্ত কৰা হৈছে৷ ছাইবাৰজগতত অসমীয়া ভাষাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় কেইটা ভাষাকে ৰক্ষা কৰাৰ ক্ষেত্ৰত এই অভিধানখনে বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷ প্ৰতিদিন ইয়াৰ শব্দৰ সংখ্যা বৃদ্ধি পায় আহিছে যদিও অভিধানখনক এখন পূৰ্ণাঙ্গ অভিধান হিচাপে গঢ়ি তুলিবলৈ সকলো ভাষাৰে সক্ৰিয় সদস্যৰ আৱশ্যক আছে৷ সম্প্ৰতি অভিধানখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে প্ৰকাশ কৰা হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন আঞ্চলিক ভাষাসমূহক পৃথিৱীৰ বিভিন্ন প্ৰান্তত থাকিও ইণ্টাৰনেটৰ মাধ্যমেৰে শিকাৰ লগতে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিবলৈ ‘শব্দ’ই হ’ব পাৰে এক নিৰ্ভৰযোগ্য উৎস৷ ইয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত ‘চন্দ্ৰকান্ত’ অভিধানখনো বৰ্তমান ডিজিটেল পদ্ধতিৰে ইণ্টাৰনেটত উপলভ্য হৈছে৷ http://dsal.uchicago.edu/dictionaries/candrakanta/ নামৰ ৱেবচাইটটোৰ জৰিয়তে অভিধানখনত ইউনিক’ডত শব্দ টাইপ কৰি যিকোনো শব্দ সন্ধান কৰিব পাৰি৷

(বাকী অংশ পিছৰ পৃষ্ঠাত চাওক)

1 Comments | Post Comment | Permanent Link

Silver Jubilee SOUVENIR of Commerce College, Kokrajhar_2nd PartNovember 11, 2010

ছাইবাৰজগতত অসমীয়া ভাষাৰ প্ৰয়োগ
আৰু ইয়াৰ প্ৰয়োজনীয়তা

(আগৰ খিনিৰ পৰা...)


  
                      অসমীয়া ভাষাক ছাইবাৰজগতত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ সংবাদ-পত্ৰসমূহৰ অনলাইন সংস্কৰণসমূহেও বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷ ইয়াৰ লগতে বিস্ময়, প্ৰিয় সখী আদি আলোচনী কেইখনেও কিছু অভাৱ পূৰণ কৰিছে৷ ঘৰতে বহি ইণ্টাৰনেটৰ সহায়েৰে কোনো মাচুলৰ অবিহনেই ৰাতিপূৱাই সংবাদ-পত্ৰসমূহ পঢ়িব পাৰি৷ কিন্তু অসমীয়া ভাষাৰ সংবাদ-পত্ৰ আৰু আলোচনী কেইখন .jpg, .bmp আদি সজ্জাত (ফটোৰ দৰে) প্ৰকাশ কৰাত আন এক দিশত অসমীয়া ভাষা ছাইবাৰজগতত প্ৰচাৰ হোৱাত বৃহৎ হেঙাৰ হৈ দেখা দিছে৷ ছাইবাৰজগতৰ এটা বৃহত ৱেবচাইট Google-ৰ বিভিন্ন আনুষাঙ্গিক ৱেবচাইটবোৰৰ ভিতৰত এটা হ’ল Google Translation বা Google Translator Toolkit৷ ২০০৯ চনৰ ৯ জুন তাৰিখে আৰম্ভ হোৱা এই চাইটটোৱে এটা ভাষাৰ পৰা আন এটা ভাষালৈ স্বয়ংক্ৰিয়ভাৱে অনুবাদ, অনুবাদৰ সম্পাদনা আদি কৰাত সহায় কৰে৷ ইয়াৰ উৎস ভাষা (Source Language)-ত ইংৰাজীকে ধৰি প্ৰায় ৩১ টা ভাষা আৰু লক্ষ্য ভাষা (Target Language)-ত অসমীয়াকে ধৰি ৩৪৮ টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে৷ কিন্তু ইণ্টাৰনেটত অসমীয়া ভাষাৰ পৰ্যাপ্ত সমলৰ (ইউনিক’ডত লিখা) অভাৱত বৰ্তমানেই Google-ৰ এই search engine-টোৰ কাম সম্পূৰ্ণ হৈ উঠিব পৰা নাই৷ এই ক্ষেত্ৰত প্ৰধান হেঙাৰ হৈ দেখা দিছে অসমীয়া ভাষাত প্ৰকাশ কৰা সংবাদ-পত্ৰ, আলোচনীসমূহৰ .jpg, .bmp আদি সজ্জাই৷ Google search engine-টোৰ বাবে মূল সমল হৈছে ইণ্টাৰনেটত প্ৰকাশ হোৱা কোনো এটা ভাষাৰ বিভিন্ন সমল (Content) আৰু তাৰ একে বিষয়ৰ ইংৰাজী সমল৷ এই ক্ষেত্ৰত সংবাদ-পত্ৰসমূহেই হৈছে সমলৰ নিৰ্ভৰযোগ্য উৎস৷ এই সমলসমূহ ইউনিক’ডত লিখাৰ লগতে অতি সহজতে প্ৰতিলিপি কৰিব পৰা হ’ব লাগিব৷ ভাৰতীয় অন্যান্য ভাষাত এনে অনেক সমল ইণ্টাৰনেটত বিচাৰি পোৱা যায়৷ সেয়ে অন্য ভাষাত অনুসন্ধান ইঞ্জিনটো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে৷ অসমীয়া ভাষাৰ লগত ফ’ণ্ট আৰু লিপিৰ ক্ষেতত মিল থকা বাংলা ভাষাতো এই অনুসন্ধান ইঞ্জিনটোৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷ বাংলা ভাষাৰ অতি জনপ্ৰিয় সংবাদ-পত্ৰ আনন্দবজাৰ পত্ৰিকাৰ লগতে BBC-বাংলাও ইউনিক’ড লিখাৰ লগতে অন্যান্য বহুটো সংবাদ-পত্ৰও প্ৰতিলিপি কৰিব পৰা সজ্জাত প্ৰকাশ কৰা হৈছে৷ Google Translation-ৰ কাৰণে Google -ৰ ভিতৰত অসমীয়া ভাষাত অনুবাদ কৰিবলৈ ৰাখি থোৱা বিভিন্ন শব্দ, বাক্য অনুবাদ কৰিও search engine-টো সম্পূৰ্ণ হোৱাত সহায় কৰিব পাৰে৷ ইয়াৰ বাবে www.google.com -ত নিজৰ এটা একাউণ্ট খুলি Google Account Setting-ৰ ভিতৰত Google in your language ক্লিক কৰি অসমীয়া ভাষা নিৰ্বাচন কৰি কাম আৰম্ভ কৰিব পাৰে৷ সময়ৰ লগত খোজত খোজ মিলাই বাংলা ভাষাই ছাইবাৰজগতত আগবাঢ়ি যাব পাৰিলে অসমীয়া ভাষা নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে৷ ইয়াৰ বাবে লাগে মাথো কিছু ত্যাগ আৰু আমাৰ ভাষাৰ প্ৰতি প্ৰকৃত সদৃচ্ছা৷ যাৰ অভাৱত এটা সুবিধাজনক সঁজুলি (Tool) সম্পূৰ্ণ হৈ উঠিব পৰা নাই৷
            বিশ্বায়নৰ যুগত মানুহে সময়ৰ লগত খোজ মিলাই যাব পাৰিলেহে এখন সমাজ সম্পূৰ্ণভাৱে আগবাঢ়ি গৈছে বুলি ভাবিব পাৰি৷ ভাষা এটাৰ ভৱিষ্যতৰ ক্ষেত্ৰটো এই কথাটো নিৰ্ভৰ কৰে৷ কম্পিউটাৰ বিজ্ঞানৰ দ্ৰুত বিকাশ আৰু ইংৰাজী ভাষাৰ বহুল প্ৰয়োগৰ ফলত বছৰ বছৰ ধৰি হাতত কলম ধৰি নোপোৱা আধুনিক শিক্ষিত সমাজখনক নিজৰ ভাষা-সংস্কৃতিৰ শিক্ষা দিয়াতো এটা জটিল প্ৰক্ৰিয়া৷ ইণ্টাৰনেটৰ মাধ্যমেৰেই গোটেই বিশ্বক নিজৰ হাতৰ মুঠিত ৰখা আধুনিক শিক্ষিত ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া লিপিতে ভাষা-সাহিত্যৰ জ্ঞান দিবলৈ আমি সৰুৰে পৰা কম্পিউটাৰৰ মাধ্যমেৰেই নিজৰ ভাষাতে ভাব-বিনিময় কৰিবলৈ চেষ্টা লাগিব৷ কম্পিউটাৰত অসমীয়া লিখিলে আনে ইংৰাজী নাজানে বুলি ভবাৰ হিনমান্যতাক পৰিত্যাগ কৰি ভাষাটোৰ বিকাশত অৰিহণা আগবঢ়োৱা উচিত৷  আজি অসমৰ শিক্ষা ব্যৱস্থাত নতুন নতুন প্ৰযুক্তি-বিদ্যাৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকলে সৰুৰে পৰাই আধুনিক পৃথিৱীখনৰ দ্ৰুত বিকাশৰ বিষয়ে জ্ঞান লাভ কৰিব পৰা নাই৷ এনে কাৰণতে হাইস্কুল-হায়াৰ ছেকেণ্ডেৰি শিক্ষান্ত পৰীক্ষাত ‘স্থান দখল’ কৰা প্ৰতিভাৱান বুলি ভবা ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো অসম সম্পৰ্কেই জ্ঞানৰ অভাৱ দেখা যায়৷ প্ৰতিভা বিকাশৰ উপযুক্ত পৰিৱেশৰ অভাৱতো এচাম প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী প্ৰতি বছৰে বাহিৰলৈ ওলাই যাবলৈ বাধ্য হৈছে৷ অন্যহাতে আৰ্থিকভাৱে দূৰ্বল ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভাক সীমিত পৰিৱেশৰ মাজতে আৱদ্ধ ৰাখিব লগা হৈছে আৰু চিৰ দিনৰ বাবে সেই প্ৰতিভা স্তব্ধ হৈ পৰিছে৷ এই বিষয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য্য ডঃ কুলেন্দু পাঠকে (প্ৰান্তিক, ১৬ জুন ২০১০) উল্লেখ কৰিছে যে, “প্ৰতিভা থাকিব লাগিব, কিন্তু তেনে মানুহে কিছুমান অসাধাৰণ সুযোগ পাব লাগিব আৰু সেই সুযোগৰ সদব্যৱহাৰ পূৰ্ণমাত্ৰাই কৰিব লাগিব৷” তেওঁ নিজৰ প্ৰৱন্ধটোত আমেৰিকাৰ মেলক’লম গ্লেডৱেলৰ ‘Outliers’ কিতাপখনৰ সহায়ত কম্পিউতাৰ জগতৰ বিখ্যাত ব্যক্তি বিল গেইটচ (মাইক্ৰ’ছফট), ষ্টিভ জ’বছ (এপল কম্পিউটাৰ), এৰিক স্মিডট (ন’ভেল আৰু গুগুল), বিল জয় (ছান মাইক্ৰ’ ছিষ্টেম) আদিয়ে হাইস্কুল পৰ্যায়তে (১৯৬৮ চনতে) লাভ কৰা উন্নত কম্পিউটাৰ শিক্ষা ব্যৱস্থা আৰু প্ৰতিভা বিকাশৰ সুবিধাৰ বিষয়ে সুন্দৰভাৱে উল্লেখ কৰাৰ লগতে এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে “অসমীয়া সৰল মানসিকতাৰে আমি ধৰি লওঁ যে তেওঁলোক প্ৰতিভাৱান; কিন্তু সেই কথা সঁচা হ’লেও প্ৰতিভাৰ বিকাশৰ বাবে আমি কিবা কৰোঁনে? মোৰ ভাব হ’ল – বিল জয়, বিল গেইটছ বা জন লেনন অসমত জন্ম গ্ৰহণ কৰি ইয়াতে থকা হ’লে তেওঁলোকে প্ৰতিভা বিকাশৰ পথ বা উপায় বিচাৰি নাপালেহেঁতেন!... দিনটো বিজুলী যোগানৰ স্থিৰতা নথকা ৰাজ্যত চৰকাৰে শিক্ষান্ত পৰীক্ষাত শতকৰা ষাঠি নম্বৰ পোৱা সকলক একোটা পিছি (PC) দিয়েই কম্পিউটাৰ বিপ্লৱ অসমতো কৰিব পৰা যাব বুলি ভাৱে৷... শিক্ষান্ত পৰীক্ষাত ভাল ৰিজাল্ট কৰাসকলৰ কম্পিউটাৰ নতুনকৈ শিকিবলৈ সময় ক’ত?”
           ডঃ পাঠক ডাঙৰীয়াৰ বক্তব্য খিনি উল্লেখ কৰাৰ অৰ্থ হ’ল পশ্চিমীয়া শিক্ষা ব্যৱস্থা আৰু আমাৰ শিক্ষা ব্যৱস্থাৰ মাজত থকা পাৰ্থক্যসমূহ বিবেচনা কৰা৷ আমাৰ গতানুগতিক শিক্ষা ব্যৱস্থাৰ ফলত প্ৰতি বছৰে হাজাৰ হাজাৰ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ সৃষ্টি হৈছে যদিও উন্নত মানৱ সম্পদ সৃষ্টি হৈছে বুলি ভাবিব নোৱাৰি৷ আজিও অসমত আধুনিক তথ্য-প্ৰযুক্তিৰ সহায়েৰে শিক্ষা দিয়াৰ ব্যৱস্থা সহজলভ্য হৈ উঠা নাই৷ আনকি বিশ্ববিদ্যালয় পৰ্যায়টো কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰিব পৰাকৈ ইণ্টাৰনেট সেৱাৰ ব্যৱস্থা নাই৷ গুৱাহাটীৰ দৰে মহানগৰতে পৰ্যাপ্ত ছাইবাৰকেফে (Cybercafé) নাই বা থকাসমূহটো ইণ্টাৰনেট সেৱা সুবিধাজনক আৰু সহজলভ্য নহয়৷ অসমত আজিলৈকে কোনো উন্নত ছফ্‌টৱেৰ কোম্পানী গঢ়ি উঠা দেখা নগ’ল৷ আজিও চৰকাৰী বিদ্যালয়সমূহত অন্যান্য শিক্ষাৰ লগতে কম্পিউটাৰ শিক্ষা বাধ্যতামূলক হোৱা নাই৷ যাৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে সৰুৰে পৰা কম্পিউটাৰ বিপ্লৱৰ ন-ন উদ্ভাৱনী শক্তিয়ে ছানি ধৰা নতুন পৃথিৱীখনৰ কথা গম নোপোৱাকৈয়ে বাস্তৱৰ এখন জটিল সমাজত ভৰি দি দিকবিদিক হেৰুৱাব লগা হ্য়৷
           বৰ্তমান অসমীয়াকে ধৰি অন্যান্য আঞ্চলিক ভাষাসমূহৰ সংকটৰ বিষয়ে সময়ে সময়ে বিভিন্ন আলোচনা হোৱা দেখা গৈছে৷ ভাষা এটা সংকটগ্ৰস্ত হয়নে নহয় সেইটো নিৰ্দ্ধাৰণ কৰিবৰ বাবে ইউনেস্কোই কিছুমান বৈশিষ্ট্য (feature) উল্লেখ কৰিছে৷ সেই বৈশিষ্ট্যসমূহৰ ভিতৰত এটা উল্লেখযোগ্য বিষয় হৈছে “প্ৰচাৰ মাধ্যম আৰু নব্য পৰিৱেশত ভাষাটোৰ অনুক্ৰিয়া, প্ৰধানতঃ আধুনিকতাৰ লগত ভাষাটো কি পৰিমানে খাপ খাই পৰিছে৷”  (Response to new domains and media, mainly concerned with the extent to which the language scopes with modernity.) ৷ এইটো নিঃসন্দেহ যে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ বহুল প্ৰয়োগেই হৈছে এই আধুনিকতাৰ মূল উৎস৷ ছাইবাৰজগতৰ বিভিন্ন ৱেবচাইট,  ব্ল’গ আৰু ‘ছ’চিয়েল নেটৱৰ্কিং ছাইট’সমূহকো আমি অসমীয়া ভাষা প্ৰচাৰৰ এখন প্লেটফৰ্ম হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ৷ এই ক্ষেত্ৰত আঞ্চলিক ভাষাসমূহৰ প্ৰয়োগ বৰ্তমান একেবাৰে হোৱা নাই যদিও ইয়াৰ ভৱিষ্যত অনুজ্জ্বল বুলি ভাবিব নোৱাৰি৷ ইয়াৰ বাবে প্ৰয়োজন মাথো ইণ্টাৰনেট ব্যৱহাৰ কৰা সেই ভাষাৰ বিভিন্ন ব্যক্তিৰ ইচ্ছা আৰু প্ৰচেষ্টা৷ বৰ্তমান ইণ্টাৰনেটত অসমীয়া প্ৰচাৰৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্মৰত এচাম প্ৰৱাসী অসমীয়াই ‘ই-জোনাকী যুগ’ নামেৰে এটা সংগঠনৰো গঠন কৰিছে৷ আমি আশা কৰোঁ এদিন ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বই অসমীয়া ভাষা-সাহিত্যক অধ্যয়ন কৰিব পাৰিব৷
         আমাৰ আলোচনাত ছাইবাৰজগতত অসমীয়া ভাষাৰ প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ লগতে আমাৰ শিক্ষা ব্যৱস্থাৰ কিছু কথাও প্ৰসঙ্গক্ৰমে উল্লেখ কৰা হৈছে৷ এই ক্ষেত্ৰত চৰকাৰ এখনৰ সদৃশ্যাৰ লগতে আমাৰ দায়িত্ববোধ অতিকৈ প্ৰয়োজনীয়৷ বিভিন্ন দুৰ্নীতি, উগ্ৰপন্থীৰ সমস্যা আৰু মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাজ্যখনত এনেবোৰ কথাৰ গুৰুত্বতাক উপলব্ধি কৰাৰ সময় আহি পৰিছে৷ সকলো কাম চৰকাৰলৈ এৰি নিদি আমি নিজেও সময়ৰ লগত খোজত খোজ মিলাই আগবাঢ়ি যাব পাৰিলেহে নিজৰ লগতে সমাজখনকো আগুৱাই নিব পাৰিম৷

1 Comments | Post Comment | Permanent Link

e-jonaki-jug (A new Assamese Movement)September 1, 2010
ই-জোনাকী-যুগ
(এটা নতুন অসমীয়া আন্দোলন)

    অসমীয়া ভাষা-সাহিত্যত 'জোনাকী' যুগৰ অৱদানৰ কথা অসমীয়া ভাষা-সাহিত্যৰ খবৰ ৰখা সকলোৱে জানে৷ অসমীয়া ভাষাক আন্ধাৰৰ ক'লা ডাৱৰেৰে আৱৰি ৰখা এটা সময়ত এচাম কলেজীয়া ছাত্ৰই গঢ়ি তুলিছিল এটা বৈপ্লৱীক আন্দোলন৷ এই আন্দোলন আজিৰ দৰে ভয় লগা উগ্ৰ জাতীয়তাবাদী আন্দোলনৰ দৰে নাছিল৷ ইয়াৰ উদ্দেশ্য আছিল জোনাকৰ পোহৰেৰে অসমীয়া ভাষা-সাহিত্যক উজ্জ্বলাই তোলা৷ যি সময়ত সমগ্ৰ দেশ পৰাধীন ভাৰতক স্বাধীন কৰাৰ আন্দোলনত জড়িত আছিল সেই সময়্তে সেই কলেজীয়া ছাত্ৰসকলে ৰাজনীতিলৈ পিঠি দি মাতৃভাষাৰ সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য বুলি ভাবিছিল৷ এজাক মাতৃভাষাপ্ৰেমী যুৱকৰ এই প্ৰচেষ্টাক সেই সময়ত বহু ব্যক্তিয়ে হাঁহিছিল৷ পালতৰা নাওত উঠি মহাসাগৰ পাৰ হোৱাৰ অলিক সপোন বুলি উপলুঙা কৰিছিল৷ কিন্তু সেই বিপ্লৱী ৰনুৱাসকল হাৰি যোৱা নাছিল৷ পুৰণি ইতিহাসক সাৰোগত কৰি পশ্চিমীয়া সাহিত্যৰ ন-ন আঙ্গিকৰ পৰীক্ষা-নিৰীক্ষা কৰি অসমীয়া সাহিত্য সৃষ্টিৰ বাবে ৰাতিক দিন কৰি কষ্ট কৰিছিল৷ শেষত তেওঁলোকৰ সফলতাই অসমীয়া ভাষা-সাহিত্যৰ আত্মপ্ৰতিষ্ঠাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল৷ আজি অসমীয়া সাহিত্যই বিশ্বদৰবাৰত আপোন গৰিমাৰে থিয় হৈ থকাৰ তাৰ গুৰিত আছিল 'জোনাকী' আৰু এচাম (প্ৰৱাসী) কলেজীয়া যুৱকৰ ত্যাগ, কষ্ট আৰু ঐকান্তিক নিষ্ঠা৷
    সময় সলনি হ'ল৷ জোনাকীয়ে প্ৰতিষ্ঠা কৰি যোৱা পথেৰে অসমীয়া সাহিত্যই আত্মপ্ৰতিষ্ঠা লাভ কৰিলে৷ জোনাকীৰ আদৰ্শকে সাৰোগত কৰি আজি অসমত অনেক আলোচনী, সংবাদ-পত্ৰ, গ্ৰন্থ প্ৰকাশ হোৱাৰ লগতে অনেক লিখক-সাহিত্যিকৰ সৃষ্টি হ'ল৷ আজি অসমীয়া সাহিত্য কোনো নতুন যুগৰ সৃষ্টি কৰিব পৰা নাই সঁচা, কিন্তু অসমীয়া সাহিত্যত ন-ন পৰীক্ষা-নিৰীক্ষা কৰা বহুতো প্ৰতিভাৱান সাহিত্যিকৰ জন্ম হৈছে৷ অনাগত দিনত অসমীয়া সাহিত্যলৈ আহিব খোজা সাহিত্যৰ নতুন আঙ্গিকেই হয়তো এটা নতুন যুগৰ সৃষ্টি কৰিব৷
    আজি বিজ্ঞান আৰু প্ৰযিক্তিবিদ্যাই এতিয়া বহুতো কথাকে নতুন ধৰণেৰে ভাবিবলৈ বাধ্য কৰিছে৷ সাহিত্য সৃষ্টিৰ লগত কাগজ-কলমৰ যি সম্পৰ্ক তাক কোনো লেখক-সাহিত্যিকেই উপেক্ষা কৰিব নোৱাৰে৷ কাগজ-কলমৰ অৱিহনে সাহিত্য সৃষ্টি যেন স্থিবিৰ হৈ পৰিব৷ উকা শুদ্ধ বগা এখিলা কাগজত ক'লা চিঁয়াহীৰ এটা এটা শব্দৰ সন্মিলিত অনুভৱবোৰেৰে গঢ়ি তোলা এজন লিখকৰ সাহিত্যই যেতিয়া প্ৰাণ পায় উঠে, তেতিয়া লিখকজনৰ সমগ্ৰ চেতনাত যি এক সুখৰ আলোড়ন উঠে তাক ভাষাৰে ব্যক্ত কৰিব নোৱাৰি৷ কিন্তু আজি কাগজ-কলমৰ যুগ যেন কম্পিউটাৰলৈ পৰিৱৰ্তন হৈছে৷ প্ৰকাশকসমূহৰ ভূমিকা যেন ইণ্টাৰনেটে গ্ৰহণ কৰিছে৷ এয়া সময়ৰ পৰিৱৰ্তন৷ এই নতুনত্ব কাগজ-কলমৰ ব্যৱহাৰক প্ৰত্যাহ্বান জনাবলৈ নহয়৷ মানুহৰ সৃষ্টি ক্ষমতাক অধিক দ্ৰুত আৰু উন্নত কৰাৰ এক প্ৰচেষ্টা মাত্ৰ৷ অসমীয়া সাহিত্যই এই নতুনত্বৰ দিশত ধাৱমান হোৱা বেছি দিন হোৱা নাই৷ সেয়ে পৰ্যাপ্ত সাহিত্য এতিয়াও ইণ্টাৰনেটৰ জড়িয়তে প্ৰকাশিত হোৱা নাই৷ তাৰ তুলনাত কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ পৃথিৱীখন যেন অধিক আগবাঢ়ি গৈছে৷ কিন্তু কম্পিউটাৰ বিপ্লৱৰ এই নতুনত্বক আমি গ্ৰহণ কৰিব নোৱাৰিলে আমি নিজেই কম্পিউটাৰ-ইণ্টাৰনেটৰ এটা বৃহত অংশৰ পৰা আঁতৰি থাকিব লাগিব৷ সেয়ে এতিয়া আমাৰ প্ৰয়োজন হৈছে কাগজ-কলমৰ লগে লগে ইণ্টাৰনেটৰ মাধ্যমেৰেও আমাৰ ভাষা-সাহিত্যক প্ৰকাশ কৰা৷
    অসমীয়া সাহিত্যলৈ চালে দেখা যায় যে, সকলো নতুনত্বৰ গুৰিতে আছে মাতৃভাষাৰ প্ৰতি থকা এচাম আধুনিক মনৰ যুৱকৰ গভীৰ দায়িত্ব আৰু নিষ্ঠা৷ সেয়ে ইণ্টাৰনেটত অসমীয়া ভাষা প্ৰচাৰৰ ক্ষেত্ৰতো জন্ম হৈছে এটা নতুন আন্দোলন৷ এই আন্দোলনৰ নাম হৈছে "ই-জোনাকী-যুগ"৷ আকৌ সেই জোনাকী যুগৰ যেন আৰম্ভণি৷ এটা নতুন যুগৰ আৰম্ভণি৷ এই আন্দোলনৰো গুৰি ধৰিছে এচাম প্ৰৱাসী অসমীয়াই৷ আমি আশাবাদি৷ অনাগত দিনত 'ই-জোনাকী-যুগে' অসমীয়া সাহিত্যক ইণ্টাৰনেটৰ মাধ্যমেৰে গোটেই বিশ্বত প্ৰচাৰিত কৰিব৷ নতুন নতুন ব্ল'গৰ সৃষ্টিৰে অসমীয়া ভাষা-সাহিত্যক ন-ন পৰীক্ষা-নিৰীক্ষা কৰিব৷
2 Comments | Post Comment | Permanent Link

Prantik 1st Aug 2010August 27, 2010
0 Comments | Post Comment | Permanent Link

Sadin-30.04.10-XOBDOApril 30, 2010
৩০ এপ্ৰিল ২০১০ চনৰ সাদিনত প্ৰকাশিত

এখন অনলাইন অভিধানৰ চাৰিবছৰীয়া যাত্ৰা

        
        যি সময়ত অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে ভাষা-বিজ্ঞানী, চিন্তাবিদৰ মাজত নানান প্ৰশ্নৰ উদ্বেগ হৈছে, অসমীয়া ভাষা ভৱিষ্যতে জীয়াই থাকিবনে নাথাকে আদি সন্দেহৰ সৃষ্টি হৈছে, সেই সময়তে ইণ্টাৰনেটত এখন অসমীয়া অভিধানে ২৪৯০০ (বৰ্তমানলৈ) অসমীয়া শব্দৰে চাৰি বছৰ পূৰ্ণ কৰিছে৷ বৰ্তমান বিশ্বায়নৰ যুগত ডিজিটেল পদ্ধতিৰে অতি উন্নতমানৰ কলা-কৌশলেৰে নিৰ্মাণ কৰা ‘শব্দ’ (www.xobdo.org) নামৰ এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত জন্ম গ্ৰহণ কৰাৰ পৰা থমকি ৰ'ব লগা হোৱা নাই৷ অসমীয়া ভাষা-সাহিত্যৰ লগত জড়িত কোনো পণ্ডিতৰ সহায়-সহযোগৰ অবিহনেই ১৪০০-ৰো অধিক সাধাৰণ অসমীয়াভাষীৰ বিশ্বজোৰা সহযোগিতামূলক প্ৰচেষ্টাত এই অভিধানখন গঢ় লৈ উঠিছে৷ অভিধানখনৰ কাৰিকৰী আৰু উন্নত কলা-কৌশললৈ লক্ষ্য কৰিলে অসমীয়া ভাষাৰ সংকটৰ সময়ত ই এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলি আশা কৰিব পাৰি৷ ‘শব্দ’ হৈছে প্ৰধানত বৰ্ণনাত্মক (Descriptive ) আৰু বহুভাষিক (Multilingual) অভিধান৷ সেয়ে পৃথিৱীৰ সকলো ব্যক্তিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় কেইটা ভাষা শিকিবৰ বাবে ‘শব্দ’ই হ'ব এক নিৰ্ভৰযোগ্য উৎস| কাৰণ ‘শব্দ’ অভিধান খনৰ মাজত অসমীয়া-ইংৰাজী শব্দৰ উপৰিও আছে ডিমাচা,  কাৰ্বি, মীটেইলন (Meeteilon), টাই,  বড়ো,  মিচিং,  হামাৰ,  খাছী,  কক্-বৰক,  বিষ্ণুপুৰী, গাড়ো,  নাগামিছ,  মিজু,  ছাকমা,  আপাতানি,  আও,  ৰাভা,  মনপা, হিন্দী,  বঙালী আৰু নেপালী শব্দৰ এক সাৰ্থক সমন্বয়৷ বৰ্তমান অভিধানখনত সকলো ভাষাৰ ক্ষেত্ৰতে কম-বেছি পৰিমাণে শব্দ অন্তৰ্ভুক্ত কৰি থকা হৈছে আৰু ন-ন দিশত পৰীক্ষা চলি আছে৷
    কোনো চৰকাৰী অনুদান-বৰঙণি, কোনো সংগঠনৰ সহায়-সমৰ্থন নোহোৱাকৈ কেৱল ইণ্টাৰনেটৰ জৰিয়তে এচাম সদস্য আৰু সম্পাদকে ‘শব্দ’ক আজিৰ অৱস্থাত উপনীত কৰোৱাটো সৰু কথা নহয়৷ ‘শব্দ’ৰ চাৰি বছৰ পূৰ্ণ কৰাৰ উপলক্ষে অসমত থকা ‘শব্দ’ৰ সদস্যসকলে যোৱা 14 মাৰ্চ তাৰিখে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এখন সংবাদ-মেলৰ আয়োজন কৰে৷ উদ্দেশ্য ৫০০ শব্দৰ ওপৰৰ অৰিহণা আগবঢ়োৱা ২৫ জন সদস্যক মানপত্ৰ, পুৰস্কাৰ প্ৰদান কৰা৷ মনকৰিবলগীয়া কথা যে এই মানপত্ৰ আৰু পুৰস্কাৰৰ কাৰণে প্ৰয়োজনীয় অৰ্থও প্ৰদান কৰে সদস্যসকলেই৷ পুৰস্কাৰৰ ভিতৰত প্ৰৱাসী অসমীয়াসকলক দিয়া হয় এক বছৰৰ কাৰণে 'প্ৰান্তিক'  আলোচনী আৰু উপস্থিত থকা সকলক একোখনকৈ গামোচা আৰু শৰাই-সঁফুৰা৷ অসমীয়া ভাষালৈ বিভিন্ন সংকট নামি অহাৰ সময়তে এনেধৰণৰ খবৰে হয়টো বহুতৰে মনলৈ কিছু আশাৰ সঞ্চাৰ কৰিব পাৰিব৷
    এখন অভিধান প্ৰণয়নৰ সকলো দিশ নিৰ্ভৰ কৰে ইয়াৰ উদ্দেশ্য (purpose) আৰু লক্ষ্য  (goal)-ৰ ওপৰত৷ কি সামগ্ৰী সংগ্ৰহ কৰিব আৰু সংগৃহীত সামগ্ৰীবোৰ কি পদ্ধতিত সজাব সেই কথা নিৰ্ভৰ কৰিব উদ্দেশ্য আৰু লক্ষ্যৰ ওপৰত৷ এখন অভিধানৰ লক্ষ্য হ'ল ব্যৱহাৰকৰ্তা (user) আৰু ব্যৱহাৰকৰ্তাৰ প্ৰতি লক্ষ্য ৰাখিহে পদ্ধতি (mathod) নিৰ্দ্ধাৰণ কৰা হয়৷ এই ফালৰ পৰা ‘শব্দ’  অভিধানখনৰ উদ্দেশ্য আৰু লক্ষ্য অতি সুস্পষ্ট৷ বৰ্তমান সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তত বাস কৰা অসমীয়াভাষী ব্যক্তিসকলৰ বাবে শকত (আকাৰত) অভিধান এখন কঢ়িয়াই লৈ ফুৰা সহজ কথা নহয়৷ আনহাতে অসমৰ পৰা বহু হাজাৰ মাইল দূৰত থকা বহুতো অসমীয়া ব্যক্তিয়ে ব্যস্ততাৰ মাজে মাজে প্ৰায়ে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চ্চা কৰাও দেখা যায়৷ কিন্তু সেইসকল ব্যক্তিয়ে প্ৰয়োজনৰ তাড়নাত এটা অসমীয়া শব্দ বিচাৰি হাবাথুৰি খাব লগা হয়৷ এনে এক তাড়নাই এদিন জন্ম দিলে ‘শব্দ’ অভিধানখনৰ৷ উদ্দেশ্য, বিশ্বৰ যিকোনো প্ৰান্ততে থাকি কেই ছেকেণ্ডমানৰ ভিতৰতে অসমীয়া শব্দৰ অৰ্থ তাৰ সমাৰ্থক বা বিপৰীত শব্দৰ সন্ধান কৰা৷ সেয়ে ‘শব্দ’ৰ লক্ষ্য হ'ল সেইসকল অসমীযা ব্যক্তিৰ ওচৰলৈ অসমীয়া ভাষাক লৈ যোৱা যি মাতৃভূমিৰ পৰা আতঁৰত থাকিও নিজৰ ভাষা-সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থাকে৷ এনে কাৰণতে ‘শব্দ’ই কোনো নতুন শব্দ, পৰিভাষা সৃষ্টি নকৰি ভাষাটোৰ বৰ্তমান ৰূপত থকা প্ৰতিবিম্ব দাঙি ধৰিব বিচাৰে৷ বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত অভিধানসমূহৰ ভিতৰত 'হেমকোষ',  'চন্দ্ৰকান্ত অভিধান',  সুমন্ত চলিহাৰ 'আধুনিক অসমীয়া শব্দকোষ',  প্ৰকাশন পৰিষদৰ 'আধুনিক অসমীয়া অভিধান' আদি সকলো অভিধানৰ লগতে বৰ্তমান সময়ত প্ৰচাৰ-মাধ্যম, কাগজ-আলোচনী, বিখ্যাত লেখক-লেখিকাৰ উপন্যাস, প্ৰৱন্ধ আদিত ব্যৱহৃত শব্দবোৰক পদ্ধতি অনুসৰি ‘শব্দ’ৰ মাজত সংযোজন কৰে৷ বৰ্তমান অসমীয়া ভাষাত ব্যৱহৃত অভিধানসমূহৰ মাজত শব্দৰ অৰ্থ আৰু বানানৰ ক্ষেত্ৰত বিভিন্ন পাৰ্থক্য দেখা পোৱাৰ কাৰণে ‘শব্দ’ই প্ৰতিখন অভিধানৰ পৰা শব্দবোৰ গ্ৰহণ কৰোঁতে একে অৰ্থবাচক ভিন্ন বানানৰ শব্দবোৰক বিকল্প বানান (Alternative Spelling) হিচাপে অন্তৰ্ভুক্ত কৰে৷ যাতে ব্যৱহাৰকৰ্তাই শুদ্ধযেন লগা বানানটো গ্ৰহণ কৰিব পাৰে৷ অৱশ্যে কোনো শব্দ সম্পৰ্কে কোনো ব্যৱহাৰকৰ্তাৰ মনত প্ৰশ্নৰ উদ্দেগ হ'লে আলোচনা কৰিবলৈ আলোচনা পৃষ্ঠাৰো ব্যৱস্থা আছে৷ য'ত প্ৰতিজন সদস্যই শব্দটোৰ উৎস, ব্যৱহাৰৰ স্থান আদিৰ বিষয়ে নিজৰ মত দাঙি ধৰিব পাৰে৷
      অভিধান এখনৰ কাম কেৱল শব্দ আৰু অৰ্থৰ ওপৰতে নিৰ্ভৰ নকৰে৷ ভাষা-বিজ্ঞানীৰ মতে এখন আদৰ্শ অভিধানৰ মাজত সাধাৰণতে কেইবাটাও তথ্য থাকিব লাগে৷ শব্দানুক্ৰম,  বৰ্ণগত গাঁঠনি,  ৰূপগত গাঁঠনি,  পদ (বিশেষ্য, বিশেষণ, অব্যয় আদি),  উপভাগ (লিংগ, বচন ইত্যাদি) ব্যাকৰণগত পৰিবৰ্তন,  জতুৱা-ঠাঁচ; খণ্ডবাক্য আদি,  বুৎপত্তি, বাক্যত প্ৰয়োগ,  উদাহৰণ,  অৰ্থ আদি৷ ‘শব্দ’ৰ  মাজতো এখন আদৰ্শ অভিধানত থাকিব লগা প্ৰায়কেইটা দিশেই দেখা পোৱা যায়৷ ‘শব্দ’ই অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত এখন লিখিত অভিধানত থকা সকলো দিশ ধৰি ৰাখিছে৷ অতিৰিক্তভাৱে শব্দৰ লগত আলোকচিত্ৰ সংযোগ কৰিব পৰা ব্যৱস্থা,  ৰোমান লিপিত শব্দৰ উচ্চাৰণৰ ব্যৱস্থা,  সবিশেষ অন্য তথ্য থকা ৱেবচাইট সংযোগ কৰিব পৰা ব্যৱস্থা,  একে বৰ্গৰ শব্দসমূহ একেলগে চাব পৰাৰ ব্যৱস্থা আদিয়ে অভিধানখনক অধিক আকৰ্ষণীয় কৰি তুলিছে৷ ‘শব্দ’ অভিধানখনত অতিৰিক্তভাৱে 244 টা ফকৰা-যোঁজনা আৰু বিশ্বকোষৰ দৰে খ্যাতনামা ব্যক্তি,  স্থান,  পুথি,  চলচিত্ৰ,  জীৱ-জন্তু আদিৰ বিষয়েও সবিশেষ তথ্য অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে৷
     ‘শব্দ’ৰ চাৰি বছৰীয়া যাত্ৰা কালত ইয়াৰ প্ৰতিজন সদস্য, সম্পাদকে নিজৰ কৰ্ম ব্যস্ততাৰ মাজতো অশেষ কষ্ট কৰি অভিধানখনলৈ সহায়-সহযোগিতা আগবঢ়াইছে৷ ইয়াৰ কোনো মালিক বা কোনো আনুষ্ঠানিক সংগঠনৰ বেনাৰ নথকাকৈয়ে সদস্যসকলৰ মাজত ই-মেইলৰ জৰিয়তে এটা সুস্পষ্ট নীতি আৰু পদ্ধতি মানি চলা হৈছে৷ কোনো দিন কতো যেন খেলিমেলি নাই৷ শব্দ গ্ৰহণ-বৰ্জনৰ ক্ষেত্ৰত প্ৰতিজন সদস্যৰ মতক সমানেই অগ্ৰাধিকাৰ দিয়া হয়৷ তাৰবাবে প্ৰতিজন সদস্যৰ ব্যক্তিগত পৰিচয় প্ৰধান বিষয় নহয়,  প্ৰধান বিষয় হ'ল তেওঁ এজন ‘শব্দ’ৰ সদস্য আৰু অসমীয়া ভাষা-সাহিত্যক ভাল পোৱা ব্যক্তি৷ এই ক্ষেত্ৰত ‘শব্দ’ৰ মাজত প্ৰতিজন সদস্যৰ দায়িত্ব, তেওঁৰ বক্তব্য আৰু স্থান সমান৷ সেয়ে ‘শব্দ’ৰ মাজত শব্দ এটা গ্ৰহণ-বৰ্জন আৰু সঠিক ব্যৱহাৰৰ বাবে আলোচনা পৃষ্ঠাত অতি জনপ্ৰিয় 'De Bono's Six Thinking Hats' পদ্ধতি অৱলম্বন কৰা হৈছে৷ ইয়াৰ দ্বাৰা শব্দ এটাৰ প্ৰতি সন্দেহ জাগ্ৰত হোৱা সদস্যজনে শব্দটো আলোচনাৰ বাবে পঠিয়াব পাৰে৷ তাৰপিছত ক্ৰমে-ক্ৰমে পদ্ধতি অনুসৰি প্ৰতিজন সদস্যই শব্দটোৰ উৎস, প্ৰাপ্তিৰ স্থান আদি উল্লেখ কৰাৰ পিছত ইয়াৰ সমাধান আগবঢ়োৱাৰ লগতে নিজৰ মত আগবঢ়াব পাৰে৷
       ‘শব্দ’ক অতি সোনকালে এখন পূৰ্ণাঙ্গ অভিধান কৰি তুলিবলৈ প্ৰতিজন শিক্ষিত অসমীয়াৰ সহায় সহযোগিতাৰ একান্ত প্ৰয়োজন৷ এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট সহায় কৰিব পাৰে৷ আনহাতে বিশিষ্ট লেখক-সাহিত্যিক আৰু ভাষা-সাহিত্যৰ লগত জড়িত ব্যক্তিসকলে মুকলিভাৱে ‘শব্দ’ক আগবঢ়াই নিয়াত বিভিন্ন পৰামৰ্শ আগবঢ়াব পাৰে৷ ইয়াৰ বাবে ‘শব্দ’ৰ মুখ্য ব্যৱস্থাপক আৰু ইয়াৰ প্ৰতিষ্ঠাতা বিক্ৰম বৰুৱাৰ (bikram@xobdo.org ) ই-মেইল ঠিকনাটো যিকোনো প্ৰশ্ন প্ৰেৰণ কৰিব পাৰে৷ অভিভাৱকসকলে কম্পিউটাৰৰ আৰু ইণ্টাৰনেটৰ সন্মুখত বহি থকা নিজৰ সন্তানক অতি মনোগ্ৰাহীকৈ অসমীয়া ভাষা-সাহিত্যৰ শিক্ষা দিয়াৰ ক্ষেত্ৰটো ‘শব্দ’ই হ'ব পাৰে একমাত্ৰ সহজ আৰু সঠিক ব্যৱস্থা৷ আমি আশা কৰোঁ প্ৰতিজন ব্যক্তিয়ে ‘শব্দ’ক নিজৰ এটা অনুষ্ঠানৰ দৰে মৰমৰ চকুৰে চাব আৰু অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত সহায় কৰিব৷

2 Comments | Post Comment | Permanent Link

Rangali Bihu-2010April 9, 2010

আজি বিহু বিহু     কালি বিহু বিহু

        বিহুলৈ কেইদিন বাকি

পিঠাও অহা নাই     চিৰাও অহা নাই

      আমনি লাগিছে থাকি৷

     কোনো পৰিৱৰ্তন নাই৷ কোনো আনন্দ নাই৷ গতানুগতিক এই জীৱন৷ প্ৰৱাসী অসমীয়াৰ বাবে বিহু এটা কেৱল স্মৃতি৷ এটা অনুভৱ৷ কিন্ত কেতিয়াবা ভাবো বিহু বুলি আমি বুকুৰ মাজত সাৱতি থকা অনুভৱবোৰ আগৰ দৰেই মানুহৰ বুকুত বাৰু জীপাল হৈ আছেনে? জাতীয়  উত্সৱ বুলি ভাবিবলৈ ইয়াৰ মাজত পূৰ্বৰ দৰে সম্প্ৰীতি আছেনে?  আমি বিহু বুলি শ্ৰেণী কোঠাত যিখন ৰচনা লিখিছিলোঁ সেইখন ৰচনাকে বাস্তৱত দেখা নাছিলোঁ৷ আজি সেই সময়ৰ পৰা বহু সলনি হ'ল৷ এতিয়া বিহু চহৰতহে হয়৷ মঞ্চত হয়৷ কেছেটৰ বিহু গীতে বজাৰ গৰম কৰি ৰাখে৷ ভিচিডিবোৰে মানুহক বলিয়া কৰে৷ লাভৰ মূৰত এছাম চহকী হয়৷ কিন্তু!!!!!  বিহুৰ সাধাৰণ আনন্দকন যোগাৰ কৰিবলৈকো বজাৰত এতিয়া জুই চাই দাম৷ ঘৰলৈ ফোন কৰিলে অনুভৱ কৰোঁ বিহু আহিছে আহিছে কোনো নতুন কথা নহয়৷ বিহুক লৈ অনুভৱ কৰা আৱেগবোৰো কোনো নতুন কথা নহয়৷ গাখীৰৰ ফেনৰ দৰে খন্তেকিয়া অসমীয়াৰ আৱেগ৷

        বাহ্যিকতা এৰাই চলি বিহুক লৈ অসমীয়াই অন্য কিবা এটা চিন্তা কৰাৰ সময় হ'ল৷ ভাগি-ছিগি যাব খোজা অসমীয়া জাতিটোক কেনেকৈ এক কৰিব পাৰি তাৰ বাবেহে এখন বিহু মঞ্চৰ প্ৰয়োজন হৈছে৷ সেইখনৰ বাবেহে শিল্পীসকল আগবাঢ়ি আহিব লাগিছিল৷ কিন্তু সেয়া এতিয়াও হৈ উঠা নাই৷ বিহুৰ মঞ্চত এতিয়া এটা বিহু গানৰ মূল্য 50 হাজাৰ টকা !!!!!! আহ!!! য'ত জাতিটোৰ মূল্য হেৰাই গৈছে তাত এটা সন্ধিয়া এটা বিহু গীতৰ মূল্য টকাৰে জুখিব এচাম শিল্পীয়ে৷ এইবোৰ কথা ভাবিবলৈ আৱেগীক অসমীয়াৰ সময় নাই৷ আনৰ ঠাৰত ককাল ঘূৰাই ঘূৰাই নাছিবলৈ পালেই পাহৰি যাব পাৰে সকলোবোৰ৷ সেইবাবেই এই বিহুৰ বতৰত ঘৰৰ পৰা আঁতৰত থাকিও মনত এবাৰো অনুভৱ হোৱা নাই.... মই কিবা এটা হেৰুৱাইছোঁ.... কাৰণ আজি ছ্য় বছৰে মই ৰঙালী বিহু দেখাই নাই !!!!!!!

সকলোলৈ অসমীয়া ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ................

2 Comments | Post Comment | Permanent Link

4th anniversary of ‘XOBDO’March 12, 2010

         কেইদিনমানৰ আগতে অসমৰ এখন কলেজত 'অসমীয়া ভাষাৰ সংকট আৰু ভৱিষ্যত' সম্পৰ্কে এখন আলোচনা চক্ৰত মই এখন গৱেষণা পত্ৰ পাঠ কৰিবলৈ গৈছিলোঁ ৷ সংকটৰ বিষয়ে বহু আলোচনা হোৱাৰ পিছত ভৱিষ্যত সম্পৰ্কে মানুহৰ মাজত বহুতো প্ৰশ্ন ৰৈ গৈছিল৷ সেই প্ৰশ্নৰ উত্তৰত মই "শব্দ"ৰ কথা কৈছিলোঁ ৷ সভাত অসমীয়া ভাষা-সাহিত্যৰ লগত জড়িত বহু ব্যক্তি আছিল ৷ কিন্তু শব্দৰ বিষয়ে মোক এটাও প্ৰশ্ন কৰা নাছিল৷ ইয়াৰ মূলতে আছিল সেই সকল ব্যক্তি ইণ্টাৰনেট বা কম্পিউটাৰ বিপ্লৱৰ লগত জড়িত নাছিল৷ অনুভৱ কৰিছিলোঁ অসমত ইয়াৰ বাবে আৰু অধিক সময়ৰ প্ৰয়োজন আছে৷ কিন্তু অসমীয়া ভাষাক বিজ্ঞানসন্মতভাৱে জীয়াই ৰখাৰ ক্ষেত্ৰত শব্দৰ গুৰুত্বতাক সমগ্ৰ অসমবাসীয়ে এদিন উপলব্ধি কৰিব৷

          যি সময়ত অসমত অসমীয়া ভাষা ভৱিষ্যতে জীয়াই থাকিবনে নাথাকে বা ইয়াৰ ভৱিষ্যত সম্পৰ্কে চিন্তাবিদ, ভাষাবিজ্ঞানীৰ মাজত আলোচনা-সন্দেহৰ সৃষ্টি হৈছে সেইসময়তে ইণ্টাৰনেটত এখন অসমীয়া অভিধানে চাৰি বছৰীয়া জন্ম-জয়ন্তী পালন কৰিছে৷ ই কোনো সৰু কথা নহয়৷ আনহাতে কেৱল জন্মৰ দিনটোত শুভেচ্ছা জ্ঞাপনৰ মাজতে আৱদ্ধ থকা নাই৷ অভিধানখনৰ লগত জড়িত হৈ থকা আৰু অভিধানখনলৈ বৰঙণি আগবঢ়োৱা 25 জন সদস্যক নিৰ্বাচন কৰি মানপত্ৰ আৰু পুৰস্কাৰ বিতৰণ কৰিছে৷ সেইয়াও এচাম সদস্যৰ ব্যক্তিগত মৰম আৰু সদৃশ্যাৰে... !!!

          কোনো চৰকাৰী অনুদান-বৰঙণিৰ অবিহনে চাৰিবছৰ ধৰি অভিধানখনে অসমীয়া ভাষালৈ যি অৱদান আগবঢ়াই আহিছে সেয়া অভিধানখন মেলি চালেই অনুভৱ কৰিব পাৰি৷ www.xobdo.org এটাই মাত্ৰ ৱেবচাইট৷ প্ৰথম অসমীয়া অনলাই অভিধানৰ পথপ্ৰদৰ্শক৷ য'ত বিচাৰি পোৱা যায় অসমীয়া ভাষাৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় কেইটা ভাষাৰ সমাৰ্থক শব্দ৷ আৰু কি নাই অভিধানখনত.... শব্দৰ লগত মিলাই চাব পৰাকৈ ছবি.... ফকৰা-যোজনা... শব্দৰ বিষয়ে আলোচনাৰ ব্যৱস্থা... এখন সৰু বিশ্বকোষ... আৰু সহজতেই সদস্যহৈ শব্দ অন্তৰ্ভুক্ত কৰিব পৰা ব্যৱস্থা৷ প্ৰয়োজন মাথোন সদৃশ্যা আৰু নিজৰ ভাষাৰ প্ৰতি আন্তৰিক ভালপোৱা ৷ আছে বৰ্তমানলৈকে অভিধানখনত 1200 জন সদস্য আৰু 25 জনৰো অধিক সম্পাদক আছে আৰু আছে হাজাৰ হাজাৰ মানুহৰ শুভেচ্ছা৷ আমি আশা কৰোঁ প্ৰতিজন সদস্যই নিজৰ কৰ্ম ব্যস্ততাৰ মাজৰ পৰা অকনমান সময় উলিয়াই প্ৰতিদিন এটা শব্দ দিয়ক.... শব্দৰ সাধনাত নিমৰ্জ্জিত হওক.... শব্দ এখন অভিধান নহয়... আমাৰ কিছু ত্যাগ আৰু অনুপ্ৰেৰণাৰ ফলতেই ই অসমীয়া ভাষা ভৱিষ্যতলৈ মৃত্যু হ'ব নোৱাৰাকৈ জীয়াই ৰখা সঞ্জীৱনি মন্ত্ৰ হৈ আমাকেই আৱৰি ধৰিব.... !!!!! 

           চাৰি বছৰীয়া 'শব্দ'লৈ জন্ম দিনত অলেখ শুভেচ্ছ যাচিলোঁ.....

               

3 Comments | Post Comment | Permanent Link

www.xobdo.net Assamese Dictionary goal of 20.000 Assamese Words.December 24, 2008

0 Comments | Post Comment | Permanent Link

Assamese Wikipedia- cover page (Pratidin-Xombhar)September 8, 2008

0 Comments | Post Comment | Permanent Link

Assamese Wikipedia-pag 1 (Pratidin-Xombhar)September 8, 2008

0 Comments | Post Comment | Permanent Link

Assamese Wikipedia-pag 2 (Pratidin-Xombhar)September 8, 2008

0 Comments | Post Comment | Permanent Link

Assamese Wikipedia- pag 3(Pratidin-Xombhar)September 8, 2008

0 Comments | Post Comment | Permanent Link

My article 'Assamese Website' (Prantik 01-15, 2007)July 22, 2008

0 Comments | Post Comment | Permanent Link

My Article1 on XOBDO (Asomiya Pratidin,Sunday Magazine,Sambhar,20.07.2008)July 21, 2008

0 Comments | Post Comment | Permanent Link

My Article2 on XOBDO (Asomiya Pratidin,Sunday Magazine,Sambhar,20.07.2008)July 21, 2008

0 Comments | Post Comment | Permanent Link

ৰিপুণ, অৰ্ণৱৰ প্ৰৱঞ্চনা আৰু অসমীয়াৰ লাজJune 24, 2008

  অসমৰ তদানীন্তন অপসাৰিত শিক্ষামন্ত্ৰী ৰিপুণ বৰা আৰু গোলাঘাটৰ অৰ্ণৱ কাকতীয়ে অসমৰ শিক্ষা জগতক যি প্ৰৱঞ্চনা কৰিলে, সেই দাগ অসমবাসীয়ে কোনো কালে ধোই নিকা কৰিব নোৱাৰে ৷ বিষয়টো এই কাৰণেই অধিক স্পৰ্শকাতৰ কাৰণ ই অসমৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত ৷ ৰিপুণ বৰা আৰু অৰ্ণৱ কাকতী দুটা প্ৰজন্মৰ প্ৰতিনিধি আৰু বাস্তৱত দেখা গৈছে যে বৰ্তমান সময়ত আমাৰ সমাজখনত যুৱ উশৃংখলতাৰ লগে লগে প্ৰৌঢ় উশৃংখলতাৰো এক নতুন সূত্ৰৰ সৃষ্টি হৈছে ৷ আজি দুবছৰে অসমৰ বাহিৰত বিভিন্ন ভাষাভাষী সহকৰ্মী বন্ধুসকলৰ লগত কাম কৰোঁতে এটা কথা লক্ষ্য কৰিছোঁ প্ৰত্যেকেই নিজৰ নিজৰ ৰাজ্যখনৰ ভাল খবৰবোৰ আনক জনাই আনন্দ লাভ কৰে ৷ সততে বোমা-বাৰুদেৰে আচন্ন হৈ থকা অসমৰ দুই এটা ভাল খবৰ গম পালেই আমিও জনাবলৈ কৃপনালি নকৰোঁ ৷ অসমৰ বহুকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাতেই ইণ্টাৰনেটত এদিন ৰাতিপুৱা পঢ়িবলৈ পালোঁ গোলাঘাটৰ অৰ্ণৱ কাকতী নামৰ এজন ল'ৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ প্ৰতিষ্ঠান ‘নাছা’-ৰ কনিষ্ঠ অভিযন্তা হোৱাৰ উপৰিও ‘নোবেল’ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে ৷ খবৰটো লাভ কৰাৰ লগে লগেই কাষতে বহি থকা বন্ধুসকলক দেখুৱালোঁ আৰু নিজকে অসমীয়া হোৱাৰ গৰ্বৰে অৰ্ণৱলৈ শুভেচ্ছা জনালোঁ ৷ কিন্তু আমাৰ সকলো আনন্দ, গৰ্ববোধক ধূলিসাৎ কৰি তোলাকৈ পুনৰ পঢ়িবলৈ পালোঁ অৰ্ণৱ আৰু তেওঁৰ পিতৃৰ ঠগ প্ৰৱঞ্চনাৰ এক ঘৃণনীয় সম্বাদ ৷ অৰ্ণৱৰ ব্যক্তিগত সফলতা বিফলতাৰ লগত আমাৰ তথা অসমবাসীৰ কোনো সম্পৰ্ক নাই ৷ কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল অৰ্ণৱে জালিয়াতিৰে নিজৰ সহজ সফলতাৰ বাবে গোটেই অসমীয়া জাতিকে বিশ্বত হেয় প্ৰতিপন্ন কৰিলে ৷ গোটেই অসমবাসীৰ ভাৱাবেগক আঘাত কৰা অৰ্ণৱৰ এই অপৰাধ কেৱল গৰিহণাৰ যোগ্যই নহয় ই এক ধৰণৰ ব্লেকমেইলিং ৷ কিন্তু অৰ্ণৱৰ এই অপৰাধত সহায় কৰা পিতৃৰ অপৰাধ হয়তো অৰ্ণৱতকৈও অধিক ৷ কাৰণ সমাজৰ জেষ্ঠ ব্যক্তিসকলৰ পৰা উঠি অহা প্ৰজন্ময় যি আশা কৰিব লাগে, যি আদৰ্শৰ পথ দেখিব লাগে সেই পথটো তেওঁৰ পিতৃয়ে এক প্ৰচণ্ড কুঠাৰঘাত মাৰিছে ৷ গতিকে এখন সমাজে এনে ব্যক্তিক সামাজিক প্ৰাণীৰ মৰ্যদাৰ পৰাও বহিষ্কাৰ কৰিব লাগে ৷
    অৰ্ণৱৰ এনে নিকৃষ্ট মানসিকতাৰ আঘাতে আমাক জুৰুলা কৰি থকাৰ সময়তে পুনৰ গোটেই পৃথিৱীতে আলোড়ন সৃষ্টি কৰিলে এটা সম্বাদে ৷ ভাৰতবৰ্ষৰ সকলো বাতৰি কাকতৰ লগতে বি বি চিৰ বাতৰিত প্ৰচাৰিত হ'ল সেই সম্বাদ এনেদৰে – ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ গহপুৰ সমষ্টিৰ বিধায়ক, ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰিপুণ বৰাই চি বি আইক 10 লাখ টকা উৎকোচ দিবলৈ গৈ হাতে-লোতে ধৰা পৰিল ৷ ৰাজ্যখনৰ পৰা আঢ়ৈ হাজাৰ কিলোমিটাৰ আঁতৰত থাকিও নিজকে সেই সময়ত গহপুৰ সমষ্টিৰ ল'ৰা হিচাপে আৰু অসমৰ মানুহ হিচাপে লগৰ বন্ধুসকলৰ ওচৰত লাজত শিৰ নত কৰি ৰাখিছিলোঁ ৷ হত্যাৰ দৰে জঘন্য অপৰাধত জড়িত থাকিও সামান্যতম অনুশোচনা নকৰি তাৰ পৰা মুক্ত হ'বলৈ উপঢৌকন দিয়া ৰিপুণ বৰাই হয়টো ৰাজনীতি আৰু টকাৰ জোৰত নিজকে মুক্ত কৰি আনিব ৷ কিন্তু দুখৰ কথা সেই সত্যক ঢাকিবলৈ গৈ আজিও কোনোবা জকাইচুকৰ এজাক শিক্ষিত ডেকা ল'ৰাই নিজৰ মাজতে খণ্ড যুদ্ধত লিপ্ত হৈছে ৷ এইটোহে হৈছে বৰ্তমান সময়ৰ বাবে অতি দুখ আৰু পৰিতাপৰ কথা ৷ কাৰণ শিক্ষাৰ মান মূল্য সকলো আজি ৰাজনৈতিক ব্যক্তিৰ হাতৰ পুতলা হ’বলৈ গৈ আছে ৷ শেহতিয়াভাৱে ‘উপাচাৰ্য্যৰ’ প্ৰসঙ্গ সৰ্বজন বিদিত ৷ আনহাতে মুকুল পাঠকৰ দৰে এচাম অসহায় মানুহক নিজৰ স্বাৰ্থৰ জালত পেলাই এনে ৰাজনৈতিক ব্যক্তিয়ে নিজৰ সুবিধা আদায় কৰি আছে ৷ আজিৰ তাৰিখত মুকুল পাঠকৰ দোষ হয়তো কোনো গুণে কম নহয় ৷ কিন্তু এটা কথা ঠিক যে প্ৰতিখন সমাজতেই এনে এচাম মানুহে নিজৰ দায়িত্ব কৰ্তব্য পাহৰি সুবিধাৰ আশাত মন্ত্ৰী বিধায়কৰ তেল মালিচ কৰোঁতে কৰোঁতে শেষত নিজৰ জীৱনলৈয়ে বিপদ নমায় আনে ৷ আজি একে দৰেই গাঁৱে-ভুঁঞে অজস্ৰ নেতা পালি নেতাই হয়টো এনে এটা সুবিধাৰ আশাতে ৰিপুণ বৰাৰ অপৰাধ আৰু কুকৰ্মৰ ওপৰত প্ৰলেপ দিবলৈ চেষ্টা কৰি আছে ৷ অভাৱেই স্বভাৱ নষ্ট কৰাৰ দৰে ই এটা সাধাৰণ কথাত পৰিণত হৈছে ৷ কাৰণ আজি মন্ত্ৰী বিধায়কৰ অপৰাধৰ আৰু দুৰ্নীতিৰ বিষয় চি বি আইৰ অনুসন্ধানৰ বিষয় হৈ থকা নাই সাধাৰণ শিশু এটাও সকলো দেখিছে বুজিছে ৷ মানুহে ঠেকি শিকে, দেখি শিকে ৷ অসমীয়া জাতিয়েও আজি ঠেকিছে আৰু দেখিছে কিন্তু দুখৰ কথা শিকিব পৰা নাই ৷ আনহাতে কোনোবা এটা ইচ্ছ্যু পালেই ৰাজপথ কপাই তোলা, অসম বন্ধৰে সাধাৰণ জনজীৱন ব্যাঘাত কৰি তোলা বিৰোধী দল সমূহেও অনৰ্থক হৈ হাল্লা কৰি মাথো নিজৰ অক্ষমতাৰ পৰিচয় দিছে ৷ শাসনত থকা চৰকাৰ খনৰ কোনোবা মন্ত্ৰী-বিধায়কে কোনো অপৰাধ কৰিলে আৰু বিৰোধী দলে যদি তাৰ প্ৰতিবাদত কৰে তেন্তে ''ৰাম ফেল, যদু ফেল গতিকে ময়ো ফেল"-ৰ দৰে টুলুঙা মন্তব্যৰে নিজৰ অক্ষমতা তথা অপৰাধৰ ওপৰত এটা প্ৰলেপ দিবলৈ চেষ্টা কৰে ৷ আচলতে অসমত এতিয়া নিজকে নিকা ৰাজনৈতিক নেতা বুলি গৰ্বৰে থিয় দি সদনত যুক্তিৰে বিষয় এটা দাঙি ধৰিব পৰা এজনো নেতা নাই ৷ সকলোৱেই কলংক, দুৰ্নীতি আৰু অপৰাধৰ বোকাত লুতুৰিপুতুৰি হৈ থাকি আনৰ বোকা দেখি হহাঁৰ নৈতিক সাহস কনো হেৰুৱাই পেলাইছে ৷ গতিকে এতিয়া সকলো নিমাত ৷ মুখ খুলিলেই জোলোঙাৰ মেকুৰী উলুৱাৰ ভয়ত বিদ্যমান ৷
      শেহতীয়া ভাৱে ৰিপুণ বৰাই নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ ৰাজনৈতিক ষড়যন্ত্ৰ তথা নিজৰে অপৰাধৰ সহযোগীৰ গাত দোষ ঠেলি দিছে সেয়াও এক ধৰণৰ বাতুলতা মাথোন ৷ এখন ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দৰে দায়িত্বত থকা এজন ব্যক্তিৰ মুখত ওঁঠ চেপিলে গাখীৰ উলোৱাৰ দৰে এই মন্তব্য হাঁহিয়াতৰ বাদে আন একো নহয় ৷ চি বি আইৰ এই সফলতা ধন্যবাদৰ পাত্ৰ ৷ এই ঘটনাৰ পৰা হয়টো অন্যান্য অপৰাধত জড়িত হৈ থকা মন্ত্ৰী বিধায়ক সকলেও এটা শিক্ষা লাভ কৰিব ৷ কিন্তু প্ৰধান কথা হৈছে বৃহত্ত্বৰ জনসাধাৰণৰ স্বাথত নিজকে নিকা কৰিবলৈ কোনোবা মন্ত্ৰী বিধায়ক ওলাই আহিবনে ?  আনহাতে জনসাধাৰণেও যেতিয়ালৈকে দলক প্ৰাধান্য নিদি ব্যক্তিৰ ব্যক্তিত্বক গুৰুত্ব দিবলৈ নিশিকিব তেতিয়ালৈকে হয়টো এনে বহুটো অপৰাধী ব্যক্তিৰ তলতে অসমৰ ভৱিষ্যত এৰি দিব লাগিব আৰু এনে ঘটনাৰ পুনৰাবৃত্তি হৈয়ে থাকিব

0 Comments | Post Comment | Permanent Link

My article published in SATSARI 16-30 Feb 08February 23, 2008





0 Comments | Post Comment | Permanent Link

গ্ৰন্থমেলা আৰু চৰকাৰৰ স্পৃহাশূন্যতাDecember 13, 2007

গ্ৰন্থমেলা আৰু চৰকাৰৰ স্পৃহাশূন্যতা:

 

       কোনো এটা জাতিৰ প্ৰধান জীৱনি শক্তি হৈছে সেই জাতিটোৰ ভাষা, কলা-সংস্কৃতি, ইতিহাস আৰু ইয়াৰ সাহিত্যিক অৱদানসমূহ৷ এই সম্পদসমূহৰ জড়িয়তেই এটা জাতিয়ে আন এটা জাতিৰ ওচৰত নিজৰ পৰিচয় দিবলৈ সক্ষম হয়৷ অসমীয়া জাতিয়েও ইয়াৰ অনেক ইতিহাস বুকুত বান্ধি তাৰ নিজস্ব প্ৰতিভাৰে বিশ্বত এটা নিজস্ব চিনাকী দিবলৈ সক্ষম হৈছে৷ কিন্তু দূৰ্ভাগ্যৰ কথা যে আজি অসমীয়া জাতীৰ গাত স্বাৰ্থপৰতাৰে বেৰি ধৰা ৰাজনীতিকৰণে সেই অতীতৰ ইতিহাসক কেৱল উপলুঙা কৰাই নহয় সামান্যতম সদিচ্ছা দেখুৱাৰো চেষ্টা নকৰে৷ আজি অসমীয়া জাতিটোৰ কাৰণে আশঙ্কাৰ কথা যে জনতাৰ আশা আকাঙ্খাক মূল ইচ্চ্যু হিছাপে লৈ গাদি দখল কৰা ৰাজনৈতিক নেতাসকলে কেৱল সাধাৰণ জনগণৰ আশা আকাঙ্কাকে প্ৰতাৰণা নকৰে গোটেই জাতিটোৰ অতীত গৌৰৱকো ভৰিৰে মোহাৰিবলৈ কুণ্ঠাবোধ নকৰে৷ আনপিনে ৰাজনীতিৰ অন্ধসমৰ্থকে বছৰ বছৰ ধৰি এনে প্ৰতাৰণাক দেখিও নেদেখাৰ ভাও ধৰি নিজৰ ক্ষুদ্ৰস্বাৰ্থ পূৰণত নিজকে ব্যস্ত ৰাখে৷


                  গ্ৰন্থমেলা এখন এটা জাতিৰবাবে ইয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ এটা দীঘলীয়া সোণালী পথ৷ এই পথেদিয়েই এটা জাতিয়ে আন আন জাতিৰ ওচৰত আত্মগৌৰবেৰে থিয় হ'ব পাৰে৷ লেখক, পাঠক আৰু প্ৰকাশকৰ একমাত্ৰ এই মিলনভূমিতেই অনাগত দিনত জাতিটোৰ বুকুৰ পৰা সৃষ্টি হ'ব পৰা সাহিত্যৰ বীজ অঙ্কুৰিত হয়৷ মাঠো তাৰবাবে লাগে এটা সুসঙ্গত পৰিবেশ আৰু অনুকূল বাতাবৰণ৷ অসমত এই পৰিবেশ আছিল আৰু আছে৷ কিন্তু বৰ্তমান জাতিটোৰ বাবে দুখৰ কথা যে চৰকাৰে এনে এটা পৰিবেশৰ বাবে অনুকূল স্থান থকাৰ পিছতো কেৱল ৰাজনৈতিক দাম্ভিকতাৰে গ্ৰন্থমেলাৰ স্বাধীনতাক খৰ্ব কৰিছে৷ অসমত গ্ৰন্থমেলাৰ বাবে অনুকূল স্থান ''জৰ্জ খেলপথাৰ''ৰ কথা সকলো লেখক, পাঠক, প্ৰকাশকে একেমুখে কোৱাৰ পিছতো আজি বহু বছৰ ধৰি জৰ্জ খেলপথাৰক কেৱল ৰাজনৈতিক সভা-সমিতি অনুষ্ঠিত কৰাৰ কাৰণেই অৰ্ধসামৰিক বাহিনীৰ সুৰক্ষাত নজৰ বন্দী কৰি ৰাখিছে৷ যাৰ ফলত "অসম প্ৰকাশন পৰিষদ" আৰু "অসম প্ৰকাশক গ্ৰন্থ-বিক্ৰেতা সংন্থাৰ" দ্বাৰা অনুষ্ঠিত কৰা দুখন বৃহত গ্ৰন্থমেলাই নিজৰ পূৰ্বৰ স্থান হেৰুৱাই জিয়াতু ভুগিব লগা হৈছে৷ ৰাজনৈতিক সভা-সমিতি এখন কেতিয়াও জাতিটোৰ বাবে অপৰিহাৰ্য অঙ্গ হ'ব নোৱাৰে আনহাতে বহু ক্ষেত্ৰত ই এক অৰ্থহীন প্ৰহসনহে মাত্ৰ হৈ পৰে৷ কিন্তু ইয়াৰ বাবে জাতি এটাৰ প্ৰাণশক্তি গ্ৰন্থমেলা এখনক অবহেলা কৰা কাৰ্যটো জাতিটোৰ বাবেই ক্ষতিকাৰক৷


                    আজি প্ৰতিটো ৰাজনৈতিক দলেই এটা জাতি আৰু সেই ৰাজ্যখনৰ সাধাৰণ জনগণক ৰাজদণ্ডৰ নিয়মেৰে বশ কৰি ৰাখিবলৈ চেষ্টা কৰি আহিছে৷ প্ৰতিটো ৰাজহুৱা সম্পত্তিকে নিজৰ সুখ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে৷ খেলপথাৰ এখন এখন চৰকাৰৰ ব্যক্তিগত সম্পত্তি হ'ব নোৱাৰে৷ আনহাতে গ্ৰন্থমেলাৰ দৰে এখন অতি গুৰুত্বপূৰ্ণ মেলাৰ কাৰণে চৰকাৰে ইয়াক ব্যৱহাৰ অনুমতি নিদিয়া কথাটোৱে মুখ্যমন্ত্ৰী গৰাকীৰ জাতিটোৰ প্ৰতি থকা সদিচ্ছাৰ অভাৱৰ কথাটোকে প্ৰতিফলিত কৰিছে৷ কিন্তু এটা কথা সুস্পষ্ট যে, এটা জাতিয়ে নিজৰ ভৌগোলিক সীমাৰ বাহিৰত নিজৰ কলা-সংস্কৃতি আৰু সাহিত্যিক অৱদানেৰেহে চিনাকী দিব পাৰিব, কোনো ৰাজনৈতিক দলৰ দ্বাৰা পৰিচালিত চৰকাৰৰ জনতা সেই কথাৰে নহয়৷ আজি অসমৰ বাহিৰত অসমৰ নাম উজ্জ্বল কৰি ৰখা হাজাৰ হাজাৰ ব্যক্তি হয়তো কোনো চৰকাৰৰ প্ৰতিনিধি হৈ যোৱা নাই কিন্তু তেওঁলোকে যি কৰিছে সেয়াই গোটেই অসমীয়া জাতিটোকে প্ৰতিনিধিত্ব কৰিছে৷ এখন চৰকাৰে বাহ্যিকভাৱে ৰাজ্যখনক ৰমক্‌জমক কৰি তুলিলেও সি কেতিয়াও স্থায়ি হ'ব নোৱাৰে৷ এটা জাতিক সুদৃঢ় কৰি তোলিব কেৱল তাৰ আভ্যন্তৰিণ উৎসসমূহৰ সবলতাইহে৷ এই কথা বুজিবলৈ- পৰ্বতসম দূৰ্নীতি আৰু স্বাৰ্থপৰতাৰ অন্ধমোহত বন্দী অসমৰ ৰাজনৈতিক নেতাসকলক আৰু কিমান সময় লাগিব- সেয়া ৰাইজেই নিৰ্দ্ধাৰণ কৰি দিয়া উচিত৷

0 Comments | Post Comment | Permanent Link

মানুহৰ অধিকাৰ আৰু আধুনিক সভ্যতাNovember 30, 2007

মানুহৰ অধিকাৰ আৰু আধুনিক সভ্যতা

 

     বিশ্বব্ৰহ্মাণ্ডৰ নটা গ্ৰহৰ ভিতৰত বৰ্তমানলৈকে একমাত্ৰ পৃথিবীত বাস কৰা মানুহেই হৈছে জীৱশ্ৰেষ্ঠ প্ৰাণী৷ বৰ্বৰ অৱস্থাৰ পৰা সভ্যতাৰ স্তৰলৈ আগুৱাই আহি এদিন মানুহে নিজকে জীৱশ্ৰেষ্ঠ হিচাপে সমাজত প্ৰতিষ্ঠা কৰিছিল৷ অন্ন, বস্ত্ৰ, বাসস্থান তিনিটা মৌলিক প্ৰয়োজনৰ ভিত্তিত মানুহে নিজকে অন্য প্ৰাণীৰ পৰা পৃথক কৰি ৰাখিবলৈ সক্ষম হৈছে৷ কিন্তু সময়ৰ পৰিবৰ্তন, সভ্যতাৰ উন্নতিৰ পিছতো আজি আমাৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে মানুহ সচাকৈ সভ্য হৈছে নে? নিজকে জীৱশ্ৰেষ্ঠ হিচাপে সভ্য সমাজত বাস কৰা আজিৰ মানুহে অন্য জীৱৰ ওপৰত নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰাৰ লগতে নিজ জাতিৰ ওপৰতো অধিকাৰৰ অপব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে৷ পৰম্পৰাগত সভ্যতা, কৃষ্টি-সংস্কৃতি তথা ধৰ্ম-কৰ্ম আৰু আধুনিক শিক্ষাকো ওলাই কৰি আজিৰ মানুহে কোনো কোনো অৱস্থাত বৰ্বৰতাৰ সেই সীমালৈ গতি কৰিছে য'ত মানুহে নিজেই নিজকে পশুতকৈও তললৈ লৈ গৈছে৷ যি মানুহে আজি একবিংশ শতিকাৰ সময়তো অবোধ জীৱ-জন্তুৰ বলি দি নিজৰ জীৱন সুৰক্ষাৰ মিছা আস্ফালনত জড়িত হৈ পৰিছে, সেই সময়তে বাতৰি কাকতত পঢ়িবলৈ পোৱা গৈছে কোনোবা জীৱ-জন্তুৱে মানৱতাৰ পৰিচয় দি ৰক্ষা কৰিছে অবোধ মানৱ শিশুক৷ কিন্তু যি সময়ত আজিৰ মানুহে ব্যক্তিস্বাৰ্থৰ মায়াত বন্দী হৈ স্বজাতিৰ তেজেৰে নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ ব্যস্ত হৈ পৰিছে সেই সময়ত সাধাৰণ জীৱ-জন্তুৰ প্ৰতি সেই জীৱশ্ৰেষ্ঠ মানুহৰ পৰা দয়া- মানৱতাৰ আশা কৰাতো পৰ্বতত কাছ কণী বিচৰাৰ দৰেই দূৰ্লভ৷ কিন্তু সেই বুলি আমি এমুঠি এনে বৰ্বৰ মানুহৰ দূষ-দূৰ্বলতাৰ কাৰণেই গোটেই মানৱ জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিয়াতো উচিত হ'বনে? তেন্তে মানুহৰ অধিকাৰো সীমিত কৰাৰ নতুন আইনৰ প্ৰয়োজন হৈ পৰিছে নেকি? কিন্তু ক্ষমতা আৰু দূৰ্নীতিৰ মোহত আবদ্ধ এচাম অত্যাধুনিক সভ্য মানুহৰ অধিকাৰ সীমিত কৰিব কোনে, য'ত আইন, ন্যায়ব্যৱস্থা সকলো হৈ পৰে অৰ্থ আৰু প্ৰতিষ্ঠাৰ বহতিয়া, য'ত সামন্ত্ৰযুগৰ ৰাজদণ্ডৰে গণতন্ত্ৰক পদপৃষ্ঠ কৰা হয়, য'ত সাধাৰণ মানুহৰ মূল্য হৈ পৰে নিজৰ ঘৰত পোহা লাখটকিয়া আধুনিক কুকুৰটোতকৈও নিম্ন তাত মানুহৰ অধিকাৰৰ সম মূল্যায়ন আশা কৰিব পাৰিনে? প্ৰকৃততে মানুহ শব্দৰ কোনো আখ্যৰিক অৰ্থ নাই, পৃথিবীৰ সমস্ত প্ৰাণীজগতৰ যি শ্ৰেণীবিভাজন তাৰ তালিকাত মাথো মানুহ নামৰ প্ৰাণীটোক প্ৰথম স্থানত ৰাখিব পাৰি৷ আনহাতে সকলো জীৱৰ ভিতৰত আকৌ আন এখন তালিকা কৰিব পাৰি য'ত স্বজাতীৰ ভিতৰতে অৱস্থাৰ ভিত্তিত নামকৰণ কৰিব পাৰি৷ যি দৰে বাটৰ কাষৰ ভতুৱা কুকুৰৰ পৰা শীততাপ নিয়ন্ত্ৰিত কোঠাত থকা কুকুৰক একেটা শ্ৰেণীত সামৰিলেও কথাবোৰ খাপ নখাই তেনেদৰে মানুহৰ মাজতো এটা প্ৰভেদ লখ্য কৰা যায়৷ কিন্তু প্ৰায় এই গোটেই ব্যৱস্থাটোত দেখা যায় মানুহ হিচাপে মানুহে পাব লগা ন্যায় আৰু অধিকাৰৰ অপব্যৱহাৰ৷ ক্ৰমে ক্ৰমে আমাৰ সমাজত শিপাই যোৱা আনৰ মুৰত কঠাল ভাঙি খোৱা আধুনিক ভোগবাদি, ব্যক্তিকেন্দ্ৰিক জীৱন যাত্ৰাই মানুহক দিনে দিনে মানৱতাৰ শাৰীৰ পৰা তললৈ নমাই আনিছে আৰু মানুহ ক'ব নোৱাৰাকৈয়ে মানুহৰ বাবে পৰিণত হৈছে দানবলৈ৷ সেইবাবেই আজি মানুহৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে নিজৰ অধিকাৰক জীয়াই ৰখা আৰু তাৰ বাবে কৰিব লগা অবিৰাম সংগ্ৰাম৷ য'ত আজিৰ মানুহে ''যোগ্য ভোগ্য বসুন্ধৰা''ৰ মৰ্ম উপলব্ধি কৰি নিজৰ যোগ্যতা প্ৰতিপন্ন কৰাতকৈ আদিম অৰণ্যত বাস কৰা সেই বৰ্বৰ অৱস্থাৰ দৰেই মাথো ''জোৰ যাৰ মলুক তাৰ'' নীতিৰ দৰে নিজৰ ক্ষমতাক প্ৰতিপন্ন কৰিব লগা হৈছে৷
                 সময়ৰ পৰা শিক্ষা গ্ৰহণ কৰি সভ্যতা আগুৱাই যায়৷ সভ্যতাই মানুহক ন-ন
শিক্ষা দিয়ে৷ সভ্যতাৰ অৰ্থই হৈছে এখন সমাজৰ সামগ্ৰিক উন্নতি৷ কিন্তু আজি একবিংশ শতিকাৰ দুৱাৰ দলিত থিয় হৈ ভাবিবলৈ বাধ্য হৈছোঁ সচাকৈয়ে সভ্যতাৰ পোহৰে মানুহৰ মনবোৰ পোহৰ কৰিব পাৰিছেনে? নে বিজ্ঞানৰ বলত দ্ৰুত গতিত আগবাঢ়ি যোৱা সভ্যতাৰ লগত মানুহে নিজকে সমানে আগবঢ়াই নিবলৈ অসমৰ্থ হৈ পৰিছে? নে মানুহে সভ্যতাৰ এখন প্ৰতিচ্ছবি প্ৰস্তুত কৰি অন্য জীৱ-জন্তুৰ পৰা নিজকে পৃথক কৰিবলৈ এখন নাটকৰ সৃষ্টি কৰি মাথো সভ্য হোৱাৰ অভিনয় কৰি আছে? কাৰণ সাম্প্ৰতিক বহু ঘটনালীৰ প্ৰকৃত দৃশ্যাৱলীয়ে ইয়াকে প্ৰতিপন্ন কৰিছে যে প্ৰকৃততে অভিনয় শেষ হ'লেই মানুহে মানুহৰ আদিম পশু প্ৰবৃতিলৈ ঘুৰি যাবলৈ অলপো কুণ্ঠাবোধ নকৰে৷ তেন্তে আধুনিক সভ্যতাৰ প্ৰকৃত স্বৰূপ কি? সমস্ত মানৱজাতিক প্ৰতিনিধিত্ব কৰা সভ্যতা-সংস্কৃতি ধৰি ৰখাৰ দায়িত্ব কেৱল এচাম নিৰ্দিষ্ট মানুহৰ হাততেই নেকি? কিন্তু তাৰ বিপৰীতে এচাম মানুহৰ জড়িয়তে ক্ৰমে ক্ৰমে বিপন্ন হ'ব ধৰা সভ্যতাৰ গৰাখহনিয়াক ৰক্ষা কৰিব কোনে? পৃথিবীৰ কোনো এটা প্ৰান্তত হোৱা কোনো এটা নিৰ্লজ্জ ঘটনাৰ বাবে সেই প্ৰান্তৰ মানুহক জগৰীয়া কৰাতকৈ মানুহে ভাবিব লাগিব মানৱজাতিৰ বাবেই অহা এই মহা সংকতটোৰ কথা৷ কাৰণ এটা কথা সুস্পষ্ট যে মানুহ সামাজিক প্ৰাণী হ'লেও প্ৰত্যেক মানুহ স্বাধীন, প্ৰত্যেক মানুহৰ স্বাধীন চিন্তা-চৰ্চ্চাইহে এটা সামগ্ৰিক ৰূপ পৰিগ্ৰহণ কৰে৷ গতিকে এজন মানুহৰ ভুল বা বিবেকহীনতাৰ কাৰণে সেই অঞ্চলটো বা সমাজখনক বিবেকহীন বুলিব নোৱাৰি৷ কিন্তু সেই সমাজখনৰ প্ৰধান দায়িত্ব হ'ব সমাজখনত বাস কৰা প্ৰত্যেকজন মানুহকে যাতে বিবাকবান কৰি তুলিব পৰাকৈ এটা পৰিবেশৰ জন্ম দিয়ে৷ কিন্তু তাৰ মাজৰ পৰাও বিকৃত মস্তিষ্কৰে ওলাই অহা কোনোবা সমাজবিৰুধী মানুহৰ কাৰণে সমস্ত সমাজখন কেতিয়াও জগৰীয়া হ'ব নোৱাৰে৷ যোৱা 24 নবেম্বৰ তাৰিখে সমস্ত পৃথিবীতে বিয়পি পৰা অসমৰ সংঘৰ্ষ আৰু এজনী নাৰীক বিবস্ত্ৰা কৰাৰ বিষয়ক লৈ বাহিৰৰ কাকত-আলোচনীত যি বিতৰ্ক সৃষ্টি কৰা হৈছে আৰু তাৰ পৰিপেক্ষত ওপৰৰ কথাখিনি আলোচনা কৰিব পাৰি৷ কিন্তু মনকৰিবলগীয়া কথা যে, যিখন সমাজত বা যি সংঘৰ্ষৰ মাজত কেইজনমান যুবকে এটা বৰ্বৰ ঘৃণনীয় কাৰ্য কৰিছিল সেইখন সমাজতে ''ভগীৰাম বৰ্মন'' নামৰ এজন ব্যক্তিয়ে মহাভাৰতৰ ৰাজসভাত শ্ৰীকৃষ্ণ হৈ সেই অবলা নাৰীক নিজৰ গাৰ চোলাটো খুলি পিন্ধাই দিছিল৷ গতিকে আমি এই বুলি ভাবিব

পাৰোনেকি যে যুগে যুগে ভাৰতীয় সভ্যতাক আলোড়িত কৰি অহা সেই মহাভাৰতৰ কাহিনী আজিও শেষ হোৱা নাই বা শ্ৰীকৃষ্ণই গীতাত কোৱাৰ দৰে ''যদা যদাহি ধৰ্মচঃ গ্লানি''ৰ দৰে সমাজত ধৰ্ম-মানৱীয়তাৰ প্ৰতি সংকত আহিলেই তেওঁ কোনোবা ব্যক্তিৰ ৰূপত আৰ্বিভাব হয়৷ গতিকে আমাৰ সকলোৰে প্ৰধান দায়িত্ব হ'ল আমি ইতিহাসৰ পৰা শিক্ষা গ্ৰহণ কৰি আমি পুনৰ এখন নতুন মহাভাৰত সৃষ্টি হোৱাৰ পৰা বিৰত থাকিব লাগে৷ য'ত মানুহৰ অধিকাৰ আৰু সভ্যতাক বুজি উঠি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জীয়াই থাকিব পৰাকৈ এখন সমাজ প্ৰতিষ্ঠা কৰিব পাৰোঁ৷

1 Comments | Post Comment | Permanent Link

অসম, অসমীয়া ইত্যদি...November 17, 2007

অসম, অসমীয়া ইত্যাদি...


    স্বাধীনতাৰ ষাঠি বছৰৰ পিছটো এই কথা ভাবি

দুখ লাগে যে আজিও অসমৰ বাহিৰত শিক্ষিত দুই এজন

ব্যক্তিয়ে যেতিয়া সোঁধে "গুৱাহাটী'' ক'ত? অসমত

সমতল ঠাই আছেনে? নে অসম পাহাৰ-পৰ্বতৰে আগুৰা

অঞ্চল৷ ভাৰতবৰ্ষ স্বাধীন হোৱা অত বছৰ হ'ল, এসময়ৰ

সাতভণী বিভাজন হৈ একো একোখন সুকিয়া ৰাজ্য

হোৱাও ক'ত বছৰ হ'ল অথচ আজিও মানুহে সোঁধে

শ্বিলং, ডাৰ্জিলিং অসমৰ ক'ত? অসমৰ সকলো মানুহ

খ্ৰীষ্টান নেকি? এয়া সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি

শিক্ষিত মানুহলৈকে সকলোৰে প্ৰশ্ন৷ এবাৰ মই বৰ্তমান

থকা ঠাই মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা ঘৰলৈ যাবলৈ ৰেল

ষ্টেছনত ৰৈ থাকোতে লগৰ যাত্ৰী এজনে প্ৰশ্ন কৰিছিল

ক'ত যাব? মই ''অসম'' বুলি কোৱাৰ লগে লগে তেওঁ

ভয় খাই মোৰ মুখলৈ চাই আছিল৷ মোৰ বুজিবলৈ বাকি

নাছিল যে তেওঁৰ মনত অসম কিমান ভয়ঙ্কৰ এখন

ৰাজ্য৷ আজি দুই বছৰে ভাৰতবৰ্ষৰ প্ৰধান হিন্দীভাষী

ৰাজ্য খনত থাকি এই প্ৰশ্নৰ উত্তৰ দি লজ্জা অনুভৱ

কৰিছিলোঁ- যেতিয়া অসমত সততে হিন্দীভাষী মানুহক

হত্যা কৰা হৈছিল৷ গণতান্ত্ৰিক ৰাজ্য এখনত সকলো

ভাষাভাষী মানুহ সকলো ঠাইতে থকাৰ পূৰ্ণ স্বাধীনতা

আছে, অথচ এই কথাৰ স্বাধীনতা ভঙ্গ কৰি হত্যাকাৰী

সকলে কি নতুন স্বাধীনতা গঢ়িব বিচাৰিছে বুজি নাপাওঁ৷
      নিজৰ ৰাজ্যখনৰ ভিতৰত থাকি যি কথা

অনুভৱ কৰিব পৰা নাছিলো, তাক আজি অনুভৱ

কৰিছোঁ৷ সকলো ফালেই অস্থিৰতা, দলাদলি, স্বাৰ্থপৰতাই

গোটেই অসমখনকে আজি স্থবিৰ কৰি তুলিছে৷
ৰাজনৈতিক সদিচ্ছাৰ অভাৱত শিক্ষা, স্বাস্থ্য, অৰ্থনীতি,

সকলোফালে উন্নতিত বাধাৰ সৃষ্টি হৈছে৷ মাজে মাজে দুই

এটা চমক লগোৱা উন্নতি আৰু প্ৰতিশ্ৰুতিয়ে ৰাইজক

আভুৱাভৰুৱাৰ বাদে আন সামুহিক উন্নতি আজিও আনিব

পৰা নাই৷ যি উন্নতি আৰু প্ৰগতিয়ে অসমক বাহিৰত

নিজৰ পৰিচয দিব পাৰে৷ ভাবিলে আচৰিত লাগে

অসমত সামান্য ৰাজহুৱা কামটোৰ পৰা আৰম্ভ কৰি

বৃহত কামলৈকে দূৰ্নীতি নোহোৱাকৈ নাথাকে৷ সকলো

দূৰ্নীতিয়ে স্পষ্ট আৰু সৰ্বজনবিদিত৷ অসমৰ মন্ত্ৰী

আমোলাসকল সততে ৰাইজৰ টকা খৰছ কৰি অসমৰ

উন্নতি কৰিবলৈ দেশ-বিদেশ ভ্ৰমণ কৰি আহে, অথচ এই

কথা কোনো দিনেই জানিব নোৱাৰি যে প্ৰকৃততে

তেওঁলোকে কি 'সোণৰ সুলেং'টো আনিবলৈ গৈছিল৷ অথচ

অসমৰ গাতে লাগি থকা অন্যান্য বহু ৰাজ্যই চকুৰ

আগতে উন্নতি কৰি আছে৷
       আজি অসমৰ ভাল খবৰ (যদিও অসমত

এতিয়া ভাল খবৰ কমেই থাকে) অসমৰ বাহিৰৰ বাতৰি

কাকতত দেখা পোৱা নাযায়৷ হত্যা, বোমা-বাৰুদৰ আৰু

দুৰ্নীতিৰ সংবাদে অসমৰ প্ৰতি বাহিৰৰ ব্যক্তিৰ মনত

বেয়া ইমেজ প্ৰতিফলিত হৈ উঠিছে৷ কোনো বাহিৰৰ

ৰাজ্যৰ পৰা যোৱা কোনো বিশেষ অনুষ্ঠানৰ

প্ৰতিনিধিসকলক যদি আমি অসমৰ বিষয়ে এটা ভাল

ইমেজ দেখুৱাব নোৱাৰো তেন্তে আমি কেতিয়াও অসমৰ

বিষয়ে বাহিৰত এটা ভাল ইমেজ আশা কৰিব নোৱাৰোঁ৷

এই ক্ষেত্ৰত অসমৰ সংবাদ পত্ৰসমূহৰো গুৰুত্বপূৰ্ণ ভুমিকা

আছে৷ আনহাতে সকলো কথা কেৱল ব্যক্তিস্বাৰ্থৰ গণ্ডিৰ

মাজত ভৰাই লক্ষ্য কৰিলেও কেতিয়াও সুভফল আশা

কৰিব নোৱাৰি৷ কাৰণ অসমত এই কথা প্ৰায়েই লক্ষ্য

কৰা দেখা যায় যে ৰাজনৈতিক দলসমূহৰ পৰা আৰম্ভ

কৰি অন্যান্য অৰাজনৈতিক দলসমূহৰো প্ৰধান লক্ষ্য হৈ

পৰে সামূহিক উন্নতিৰ চৰ্ত আগত ৰাখি সেই চৰ্তৰ

মাজেদি নিজৰ ব্যক্তিস্বাৰ্থ পূৰণ কৰা৷ যাৰ ফলত ব্যক্তি

স্বাৰ্থৰ উৰ্দ্ধত ৰাজহুৱা কামটো প্ৰায়েই এলাগি হৈ পৰে৷

এতিয়া এনেদৰেই এলাগি হৈ পৰা অনেক কামেই অসমৰ

স্থবিৰতাৰ মূল কাৰণ৷ প্ৰগতিৰ প্ৰধান হেঙাৰ৷

1 Comments | Post Comment | Permanent Link

Page 1 of 2
Last Page | Next Page